Sunday , December 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / কাইলৈৰ পৰা ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল * _*মহোৎসৱ সঞ্চালক সুনিত জৈনৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ*_

কাইলৈৰ পৰা ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল * _*মহোৎসৱ সঞ্চালক সুনিত জৈনৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ*_

 

দিপাঞ্জলি ডেকা , ৪ ডিচেম্বৰ : তিনিটাকৈ সফল সংস্কৰণৰ পিছত কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল, ২০১৯। প্ৰতিবছৰেই একাধিক বিশ্বপ্ৰসিদ্ধ নাটৰ সমাহাৰেৰে আয়োজন কৰি অহা এই থিয়েটাৰ ফেষ্টিভেলত এইবাৰো মঞ্চস্থ হ’ব তিনিখনকৈ বহুল চৰ্চিত নাট। চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ প্ৰাকক্ষণত আমি কথা পাতিছিলো মহোৎসৱ সঞ্চালক তথা যুৱ উদ্যোগী সুনিত জৈনৰ সৈতে। এই নাট মহোৎসৱৰ সামগ্ৰিক প্ৰস্তুতি সন্দৰ্ভত আমাৰ সৈতে হোৱা বাৰ্তালাপৰ সম্পাদিত অংশ পাঠকলৈ আগবঢ়োৱা হ’ল –

*কেনে প্ৰস্তুতি? গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ উদ্দেশ্য কি?*
*সু.জৈ.* – “২০১৬ চনত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা গুৱাহাটীৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক সমাদৃত খোজ দি আহিছে। এই নাট মহোৎসৱৰ একমাত্ৰ উদ্দেশ্যটোৱেই হৈছে এই অঞ্চলটোৰ কলামোদী ৰাইজক বিশ্বমানৰ নাটৰ সোৱাদ দিয়া। প্ৰথমটো সংস্কৰণৰ পৰাই স্থানীয় কলামোদী ৰাইজৰ অনবদ্য সঁহাৰিয়ে আমাক উৎসাহিত কৰি ৰাখিছে, আশা কৰো এইবছৰো আমি লৈ অহা নাটখিনিয়ে দৰ্শকৰ হেঁপাহ পুৰণ কৰিবলৈ সক্ষম হ’ব।”

*এইবাৰ মহোৎসৱত কোন কোন তাৰকা শিল্পীৰ সমাৱেশ ঘটিব?*
*সু.জৈ.* – মহোৎসৱৰ এইবাৰৰ সংস্কৰণত ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় চৰিত্ৰাভিনেতা ক্ৰমে আমোল পালেকাৰ, ৰাকেশ বেদী, অভিজিৎ দত্ত, অনন্ত মহাদেৱন, দিলনাজ ইৰাণী, ৰূপালী গাঙ্গুলীৰ লগতে ভালেমান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব।

*এইবাৰ মহোৎসৱত মঞ্চস্থ হ’বলগীয়া নাটসমূহৰ বিষয়ে আভাস দিব নে?*
*সু. জৈ.* – এইবাৰ আমি সমগ্ৰ দেশতে চৰ্চিত হোৱা তিনিখনকৈ ভিন্নসুৰী নাট লৈ আহিছো। কাইলৈ অৰ্থাৎ প্ৰথমটো দিনতেই মঞ্চস্থ হ’ব হাস্যব্যঙ্গ নাট ‘পট্টে খুল গয়ে’। জনপ্ৰিয় অভিনেতা ৰাকেশ বেদী ৰচিত পৰিচালিত এই নাটখনত ৰাকেশ বেদীয়ে নিজেও অভিনয় কৰিব। ইতিমধ্যেই দেশৰ বিভিন্ন স্থানত ব্যাপক সমাদৰ লাভ কৰি আহিছে এই নাটখনে। ইয়াৰ উপৰিও এই নাটখনত অভিনয় কৰিব কিশৱাৰ মাৰ্চেণ্ট, অনন্ত মহাদেৱন, অভিজিৎ দত্ত আৰু ৰূপালী গাঙ্গুলীয়ে।

আনফালে শনিবাৰে অৰ্থাৎ ৭ ডিচেম্বৰত মঞ্চস্থ হ’ব এখন পলিটিকেল ছাটায়াৰ ‘দ্য ডেভিল ৱেৰছ বাটা’। মেহেৰজাদ পেটেল পৰিচালিত এই নাটখন হিন্দী-ইংৰাজী ভাষাত মঞ্চস্থ হ’ব। সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত ৰচিত এই নাটখনত অভিনয় কৰিছে ডানিছ ইৰাণী, শ্বাজিল পৰখ, দিলনাজ ইৰাণী আৰু ডৰিয়াছ শ্ৰফে।

*আমোল পালেকাৰৰ নাটেৰে মহোৎসৱ সামৰণি পৰিব!*
*সু. জৈ.* – গোলমাল, ঘাৰোন্দে আদিৰ দৰে জনপ্ৰিয় ছবিৰ চৰিত্ৰাভিনেতা আমোল পালেকাৰৰ নাটেৰে সামৰণি পৰিব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। অন্তিম দিনাৰ এই নাটখন হ’ব হিন্দী ভাষাত। বিশেষতঃ ৰহস্যধৰ্মী এই নাটখনৰ নাম – কুছুৰ – দ্য মিছটেক। এটা দশকৰো অধিক সময় ধৰি মঞ্চ নাটৰ পৰা আঁতৰি থকাৰ পিছত এই ৰহস্যধৰ্মী নাটখনেৰে পুনৰ সক্ৰিয় অভিনয়লৈ উভতি আহিছে প্ৰবীন অভিনেতা আমোল পালেকাৰ। নাটখনত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী আয়ুক্তৰ ভুমিকাত অৱতীৰ্ণ হৈছে আমোল পালেকাৰ। অৱসৰৰ পিছতো এটা পুলিচ কণ্ট্ৰ’ল ৰূমত স্বেচ্ছাই সেৱা প্ৰদান কৰে এইগৰাকী বিষয়াই। ইতিমধ্যেই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে এই নাটখনে।

*গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল আনবছৰৰ দৰে এইবছৰো সফল হোৱাৰ কামনা কৰিছো।*
*সু.জৈ.* – ধন্যবাদ। আপোনালোকৰ সহযোগিতা কামনা কৰিছো।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *