Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাকপথাৰত বিদ্যুৎ পৃষ্ট হৈ এজন থিতাতে নিহত, দুজন আহত

কাকপথাৰত বিদ্যুৎ পৃষ্ট হৈ এজন থিতাতে নিহত, দুজন আহত

কাকপথাৰ ১৪ জুন : : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং চেলেংগুৰীত আজি বিদ্যুৎ পৃষ্ট হৈ এজন যুৱকে মৃত্যুক সাৱতিব লগা হৈছে ৷ মৃত যুৱকজনৰ নাম লিনোজ খাৰিয়া(28) বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ অন্যহাতে মৃত যুৱক জনৰ ওপৰিও চুনু মাহালি(25) আৰু মিনু মাঝি(33) নামৰ অন্য দুজন যুৱকক সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে৷ বৰ্তমান তেওঁলোক সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি ঘৰৰ ওচৰৰে টিম্পু মাঝি নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰি থকা অৱস্থাত দিন হাজিৰা কৰি অতি দৰিদ্ৰ পৰিয়াল পোহ পাল দিয়া লিনোজ খাৰিয়া অকস্মাতে ঘৰৰ বিদ্যুতৰ তাঁৰত লগাত এই শোকাৱহ ঘটনাটো সংঘটিত হ’য় ৷ এজন যুৱকৰ অকস্মাত মৃত্যুত আৰু দুজন যুৱক গুৰুতৰভাবে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

 

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *