Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম দীঘল উৰণীয়া সেঁতু

কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম দীঘল উৰণীয়া সেঁতু

কাজিৰঙাত ২ হাজাৰ ৬শ ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব ৩৬ কিলোমিটাৰ দৈঘ্যৰ উৰণীয়া সেতুঁ, মুখ্যমন্ত্ৰীৰ অনুমোদন ৷

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ৬ ছেপ্তেম্বৰ:বিগত সময়চোৱাত বহু জল্পনা-কল্পনাৰ অন্ততঃ কাজিৰঙালৈ আহিল বহু প্ৰত্যাশিত এটি খবৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত নিৰ্মাণ কৰা হ’ব বিশ্বৰ অন্যতম সৰ্ববৃহৎ দৈঘ্যৰ উৰণীয়া সেঁতুখন ৷ উল্লেখ্য যে, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কাজিৰঙাৰ দক্ষিণে অতিক্ৰম কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ নিৰ্মাণ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ কাজিৰঙাৰ ৰাজপথত উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ আচঁনি গ্ৰহণ কৰিছিল চৰকাৰে ৷ অৱশেষত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে উদ্যানখনৰ সামগ্ৰিক সকলো দিশ পৰ্যবেক্ষণ কৰি উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ অসম চৰকাৰক সেউজ সংকেত প্ৰদান কৰিছিল ৷ কালি দিছপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্ৰীৰ কক্ষত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ (Assam State Wildlife Board) এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকে আদি কৰি কেইবাগৰাকীও বিধায়ক আৰু বহুকেইজন উচ্চ প্ৰদস্থ প্ৰশাসনিক বিষয়া ৷ বৈঠকৰ অন্তত মুম্বাইৰ ৱাডিয়া টেক’ন ইঞ্জিনিয়াৰিং চাৰ্ভিছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক ৩.৭৬ কোটি টকা ব্যয় সাপেক্ষে উৰণীয়া সেঁতুৰ নিৰ্মাণৰ প্ৰাক্‌:কলন (DPR) প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয় ৷ উল্লেখ্য যে, অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া DPR প্ৰস্তুতৰ নামত মুম্বাইৰ উক্ত প্ৰতিষ্ঠানটোৱে ৩.৭৬ কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব ৷ উল্লেখ্য যে, উক্ত উৰণীয়া সেঁতু নিৰ্মাণৰ ব্যয় কৰা হ’ব ২ হাজাৰ ৬ শ ২৫ কোটি টকা। কাজিৰঙাত উপস্থিত হৈ এই উৰণীয়া সেঁতুৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ উল্লেখ্য যে, অত্যাধুনিক প্ৰযুক্তিৰে বন্যপ্ৰাণীৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ’ব ৩৫.৮২০ কিলোমিটাৰ আৰু বহল হ’ব ১১ মিটাৰ ৷আনহাতে,অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত হব লগীয়া এই আটকধুনীয়া উৰণীয়া সেঁতু খনত থাকিব চাইকেল আৰোহী আৰু খোজকাঢ়ি যাব পৰাকৈ ২ মিটাৰ বহলৰ পৃথক পদপথৰ স্থান ৷ খুমটাই সমষ্টিৰ বিধায়ক তথা বন্যপ্ৰাণী পৰিষদৰ সদস্য মৃণাল শইকীয়াই লগতে জানিবলৈ দিয়ে যে, অক্টোবৰ মাহৰ ভিতৰত মুম্বাইস্থিত ৱাডিয়া
টেক’ন ইঞ্জিনিয়াৰিং চাৰ্ভিছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে প্ৰাক্‌:কলন দাখিল কৰাৰ পাছতেই ২ হাজাৰ ৬ শ ২৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া উৰণীয়া সেতুখনৰ কাম আৰম্ভ কৰা হব ৷ আনহাতে, আটকধুনীয়াকৈ সজাইপৰাই তোলা হব বিশ্বৰ অন্যতম দৈঘ্যৰ উৰণীয়া সেতুখন ৷ দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহাৰ লগতে উৰণীয়া সেতুখনো আকৰ্ষণ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব ৷ যি দৰে ধলা শদিয়া দলং চাবলৈ বিভিন্ন স্থানৰ পৰা মানুহ যায় ঠিক তেনেদৰেই নিৰ্মাণ কৰিবলগীয়া আটকধুনীয়া উৰণীয়া সেতুখন চাবলৈ আহিব দেশী-বিদেশী পৰ্যটক ৷ বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ কয় যে, নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুখনৰ ওপৰত মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি চলিত বৰ্ষৰ শেষৰ ফালে নতুবা ২০২০ বৰ্ষৰ প্ৰথম ভাগতেই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হব বুলি জানিবলৈ দিয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *