Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙাত শুভ উদ্বোধন “KAZIRANGA LIVE’

কাজিৰঙাত শুভ উদ্বোধন “KAZIRANGA LIVE’

কাজিৰঙাত শুভ উদ্বোধন “KAZIRANGA LIVE’

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে কাম কৰি যাব KAZIRANGA LIVE য়ে

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী , ২০ ছেপ্তেম্বৰ :
সাম্প্ৰতিক সময়ত ৱেব পৰ্টেলৰ
অভূতপূৰ্ব জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা “KAZIRANGA LIVE 24×7” নামৰ এটি ৱেব পৰ্টেল৷ ৷উল্লেখ্য যে দুবছৰ পূৰ্বে পৰীক্ষামূলক ভাৱে ফেচবুকৰ যোগেদি আৰম্ভ কৰা ডিজিটেল মেডিয়া “KAZIRANGA LIVE 24×7 ”এ ৰাইজৰ পৰা বিগত সময়ছোৱাত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ৰাইজৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই তথা এই সঁহাৰিত লাভ কৰা অনুপ্ৰেৰণাৰ বাবেই ২০ ছেপ্তেম্বৰৰ শুক্ৰবাৰৰ দিনা কাজিৰঙাৰ কঁহৰাৰ এটি পৰ্যটন নিবাস “বনানি”ত শুভ উদ্বোধন কৰা হয় KAZIRANGA LIVE 24×7 ৰ নামৰ পৰ্টেলটিৰ ৱেবছাইট ৷এই শুভ উদ্বোধন উপলক্ষে আয়োজন কৰা উদ্ধোধনী সভাত সভাপতিত্ব কৰে জেষ্ঠ্য সাংবাদিক ভবানন্দ কলিতাই ৷মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱ কুমাৰ ৷ সাংবাদিক বিতুপন মাঝিয়ে আঁত ধৰা এই অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰ প্ৰাপ্ত বিষয়া তথা সাহিত্যিক তৰুণ ৰাজখোৱা,কাজিৰঙাৰ বিশিষ্ট ব্যক্তি ফটিক বৰা ,কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথ,কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক দণ্ডেধৰ গগৈ,কবি তথা শিক্ষয়িত্ৰী দালিমী নাথ আৰু অৰ্চনা ভট্টাচাৰ্য ৰ লগতে অসম জাতীয়তাবাদী যুৱছাত্ৰ সংস্থা,আটছা,গোৰ্খা ছাত্ৰ সংস্থা,টাই আহোম ছাত্ৰ সংস্থাৰ প্ৰতিনিধি আৰু নিমন্ত্ৰিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগায় ৷এগচি বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট লেখক তৰুণ ৰাজখোৱা ই ৷”KAZIRANGA LIVE ” ৰ ল’গ’ উদ্ধোধনৰ মাংগলিক কাৰ্যৰ শুভ উদ্বোধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি সকলে KAZIRANGA LIVE লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সততা আৰু নিৰপেক্ষতাৰ মাজেৰে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰাৰ বাবে আহ্বান জনায় ৷বৰ্তমান সময়ত অত্যধিক কৰ্মব্যস্ততাৰ বাবে দুৰদৰ্শনৰ সন্মুখত বহি বাতৰি চাব পৰাকৈ মানুহৰ সময়ৰ যথেষ্ট অভাৱ পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে চছিয়েল মেডিয়াৰ অসীম জনপ্ৰিয়তাৰ বাবেই “ৱেব পৰ্টেল ” সমুহেও ক্ৰমান্বয়ে অভূতপূৰ্বভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে “KAZIRANGA LIVE “ সবল আত্মপ্ৰকাশে অসমৰ সংবাদজগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ সমগ্ৰ বিশ্বই দৃষ্টি ৰখাৰ উপৰিও এশিঙিয়া গঁড়ৰ বাবে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংবাদেও যথেষ্ট গুৰুত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আবেগ-অনুভুতিক গুৰুত্ব প্ৰদান কৰি সামগ্ৰিক সকলো সমস্যাৰ সৱল উপস্থাপনেৰে এই ৱেব পৰ্টেলটোৱে জনসাধাৰণৰ হকে কাম কৰি যাব বুলি সভাত উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে ৷

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *