Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ!*

কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ!*

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : কাজিৰঙালৈ আহিব চুপাৰষ্টাৰ অক্ষয় কুমাৰ। ইতিমধ্যে এখন পত্ৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অক্ষয় কুমাৰক নিমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই। উল্লেখ্য যে ২০১৯ চনত কাজিৰঙাত হোৱা প্ৰলয়ংকৰী বানত বন্যপ্ৰাণীৰ দুৰ্দশা সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰি বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যান খনলৈ আগবঢ়াইছিল এক কোটি টকাৰ অনুদান ৷

বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে প্ৰদান কৰা ১ কোটি টকা ব্যয় কৰা হ’ব কাজিৰঙাৰ বান, দুৰ্গত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কামত ৷ নিৰ্মাণ কৰিব এন্টি পোছিং কেম্প, দলঙৰ লগতে ক্ৰয় কৰা হ’ব সুৰক্ষাত নিয়োজিত অত্যাধুনিক নাও। লগতে, সেই অনুদানৰ এটা অংশৰে ২০১৬ চনত বেদখল মুক্ত কৰা কাজিৰঙাৰ বান্দৰ ডুবি অঞ্চলত উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হব ৷ বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে আগবঢ়োৱা অনুদানৰ ব্যৱহাৰ কিদৰে কৰা হ’ব সেয়া চাবলৈ অভিনেতা জনক নিমন্ত্ৰণ জনাইছে বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।

About Staff Reporter

চাব পাৰে

অসমৰ বাহিৰত আৱদ্ধ লোকসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নং

অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকক সহায়ৰ হাত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । দেশৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *