Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙা দৰ্শন কৰিব আহি নিৰাশ মনেৰে উভটি গ’ল পৰ্যটক

কাজিৰঙা দৰ্শন কৰিব আহি নিৰাশ মনেৰে উভটি গ’ল পৰ্যটক

কাজিৰঙা মুকলি হোৱাৰ সন্দৰ্ভত বিভাগীয় ৱেবছাইট ত নাই কোনো নিশ্চিত তথ্য ৷

কাজিৰঙা দৰ্শন কৰিব আহি নিৰাশ মনেৰে উভটি গ’ল পৰ্যটক ৷

কাজিৰঙা, ৪ অক্টোবৰ: কাজিৰঙালৈ আহি নিৰাশ হ’ল বহিৰাজ্যৰ পৰ্যটক ৷ বহু আশাৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে মনোমোহা দৃশ্য স্বচক্ষে উপভোগ কৰাৰ মানসেৰে কাজিৰঙাত উপস্থিত হৈ নিৰাশ হ’ব লগিয়া হ’ল চেন্নাই,পশ্চিমবঙ্গৰ লগতে আনৰাজ্যৰ একাংশ পৰ্যটক ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান পৰ্যটকৰ বাবে মুকলি হোৱা নাই ৷
উল্লেখ্য যে বিগত বৰ্ষত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ মুকলি কৰা হয় ৷ সেয়েহে পৰ্যটক সকলে এই বৰ্ষতো একে সময়তে উদ্যান মুকলি হোৱা বুলি ভাবি উপস্থিত হৈছিল কাজিৰঙাত ৷কিন্তু এতিয়া নিৰাশ হৈ উভতি যোৱা পৰ্যটক সকলে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ আহ্বান যে পৰ্যটকৰ সুবিধাৰ্থে উদ্যান মুকলি কৰাৰ সম্পৰ্কে অধিক প্ৰচাৰ কৰক ৷ বিগত সময়ত দুটাকৈ বানে থানবান কৰি যোৱা কাজিৰঙাৰ পৰ্যটক পথ বিলাক মেৰামতি কৰাৰ বাবে বন বিভাগৰ তৎপৰতাৰ বিপৰীতে নেৰানেপেৰা বৰষুণে পুনৰ বাধাৰ সৃষ্টি কৰিছে ৷ চৰকাৰী তথ্য অনুসৰি এক অক্টোবৰত কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷সেই মতে পৰ্যটক সকলে পূজাৰ বতৰত কাজিৰঙা ফুৰাৰ উৰ্দেশ্যৰে উপস্থিত হ’ল কাজিৰঙা ৷কিন্তু কাজিৰঙাত উপস্থিত হৈয়হে জানিব পাৰিলে যে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি হোৱা নাই ৷ ইপিনে, হতাশ মনেৰে সুদূৰ কলিকতা আৰু চেন্নাইৰ পৰা অহা পৰ্য্যটক সকলে মিহিমুখৰ পৰাই কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি নিজৰ কেমেৰাত লৈ যায় কিছু স্মৃতি ৷

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *