Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুলাই: শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ এলেকা বুৰ গৈছে। কিছুমান জীৱজন্তুৱে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডত আশ্ৰয় লোৱাৰ দৰে বহু জীৱজন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ দক্ষিণ অঞ্চলৰ হাইলেণ্ডত আশ্ৰয় লৈছে। ১৯৯ চোৰাংবেহা প্ৰতিৰোধী শিৱিৰৰ ১৫৫টা শিৱিৰ বাঢ়নী পানীয়ে বুৰাইছে।
যন্ত্ৰচালিত নাও আৰু হাতনাৱেৰে বনকৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে যাৱতীয় অভিযান অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাত ৫টা হগ ডিয়েৰ আৰু ১টা চাম্বাৰ আহত হৈছে। বানৰ ফলত বিভিন্ন কাৰণত ৫ টা আন জীৱজন্তু আহত হৈছে। আহত জীৱজন্তুক উদ্ধাৰৰ বাবে অভিযানকাৰী দল সাজু হৈ আছে। স্পেচিয়েল ৰাইনো প্ৰটেকছন ফৰ্চ কাজিৰঙাৰ স্পৰ্শকাতৰ অঞ্চলত মোতায়েন কৰা হৈছে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত প্ৰধান মুখ্য বন সংৰক্ষক আৰু অসম বন বাহিনীৰ মূৰব্বী এ,এম, সিঙে দেওবাৰে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যুদ্ধসদৃশ তৎপৰতাৰে যাৱতীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশক্ৰমে প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড০ৰঞ্জনা গুপ্তাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে বাহৰ পাতি অভিযানসমূহ প্ৰতিমুহুৰ্তত তদাৰক কৰি আছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন দিশ তদাৰক কৰি আছে।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *