Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাব্যগ্ৰন্থ উন্মোচনী সভা

কাব্যগ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফ ৰিপোৰ্টাৰ,  “সাহিত্যৰ সৃষ্টি হৈছিল কাব্যৰ জৰিয়তে তাৰ পিছত সৃষ্টি হৈছিল গদ্যৰ। সকলো মানুহে কাব্যৰ সৃষ্টি কৰিব নোৱাৰে। কবিতা লিখিবলৈ বহুতো প্ৰতিভাৰ প্ৰয়োজন আৰু শব্দ বাছনি কৰি কবিতা লিখাটো সহজ নহয়। বিশিষ্ট কবি ঘোষিকা প্রণামীকা শৰ্মাৰ “তোমাৰ সতে কথা আছে” শীৰ্ষক কাব্যগ্ৰন্থ খন বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰি এনেদৰে কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ নির্মল কুমাৰ চৌধুৰীয়ে। তেওঁ লগতে কয় “এই কাব্যগ্ৰন্থ খন অসমীয়া সাহিত্য জগতলৈ এক সুন্দৰ অৱদান।’ গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিশিষ্ট কবি ডঃ পূৰ্ণ ভট্টৰ পৌৰহিত্যত অনুষ্ঠিত সভাখন ডঃ প্ৰান্তিকা শৰ্মাই আঁত ধৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট সাহিত্যিক জগত চন্দ্ৰ বৰা, বিদ্যাভাৰতী পূৰ্বত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদনক ব্ৰহ্মাজী ৰাওঁৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *