Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কামৰূপৰ আঠগাও, উত্তৰ গুৱাহাটীত যুৱ ব্যৱসায়ী, সংগঠন আদিৰ বানাক্ৰান্তক সাহায্য প্ৰদান

কামৰূপৰ আঠগাও, উত্তৰ গুৱাহাটীত যুৱ ব্যৱসায়ী, সংগঠন আদিৰ বানাক্ৰান্তক সাহায্য প্ৰদান

কামৰূপৰ আঠগাও, উত্তৰ গুৱাহাটীত যুৱ ব্যৱসায়ী, সংগঠন আদিৰ বানাক্ৰান্তক সাহায্য প্ৰদান।

পঙ্কজ নাথ, চাংসাৰি, ১৭ জুলাই :

কেইবাদিন দিন ধৰি মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদী উপ-নদী সমূহ ফেনে-ফোঁটোকাৰে পানী বাঢ়ি অহাৰ ফলত বহু লক্ষধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথ, কৃষিভূমি জলমগ্ন হোৱাৰ লগতে বহু কেইজনৰ সলিল সমাধি হোৱা পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠগাও আদি অঞ্চলৰ লগতে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৃহত্তৰ লেঙা অঞ্চল, কামৰূপ জিলাৰ সীমাত অৱস্থিত দৰং কুৰুৱাৰ মাথাউৰি চিঙি কেইবা শতাধিক লোকৰ ঘৰ-দুৱাৰ, বাট-পথৰ লগতে বহু হেক্টৰ-ভূমিৰ শালি-লাহি ধানৰ ৰোপিত কৃষি ভূমি জলমগ্ন হোৱাত দৰিদ্ৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু খেতিয়কে মূৰে কপালে হাত দি বহি থকা গৈছে। আনহাতে ঘৰত পানী সোমোৱাত বহুলোকে মাথাউৰিত আশ্ৰয়ত লৈ থাকিবলগীয়া হৈছে।
এই সকল বানপীড়িত লোকক সামান্যতম হলেও সহায়ৰ হাত আগবঢ়াবলৈ এতিয়া ইয়াৰ ওচৰ পাজৰৰ বানী ক্ষতি নকৰা গাওঁকেইখনৰ যুৱ ব্যৱসায়ী তথা একাংশ সমাজ সচেতন যুৱক আগবাঢ়ি আহিছে। আজি উত্তৰ গুৱাহাটীত জয়ন্ত বড়াৰ নেতৃত্বত এটি সঁজাতি দলে লেঙা আৰু কুৰুৱাৰ বানপীড়িত লোকসকল থকা শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। সঁজাতি দলটোত সাংবাদিক মুকুটেশ্বৰ গোস্বামী, বিজেপি বেজেৰা মণ্ডলৰ সভাপতি অৰুণ বড়ো, বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাধৱ বড়া, মহিলা মৰ্চাৰ সম্পাদিকা মুন দাস, প্ৰাণজিৎ ডেকা , মফিজ আলী, বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সম্পাদক নয়ন কলিতা, ৰুদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ মৰমী বড়ো, শৰাইঘাট পঞ্চায়ত কাউন্সিলাৰ ৰনুমনি বেগম ।
। বানপীড়িত লোকসকলে বহুত কষ্টৰে, বিশুদ্ধ খোৱা পানী, ৰেচন, দৰৱ ইত্যাদিৰ অভাৱত থকাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ২০ কাৰ্টুন, পানী, বিস্কুট ৬ কাৰ্টুন, ব্ৰেড ২৫০ টা আৰু ২০০ টা বাল্টি বানাক্ৰান্ত সকলৰ মাজত বিতৰণ কৰে। ঠিক তেনেদৰে কালি জলাহৰ যুৱ ক্ষুদ্ৰ ব্যৱসায়ী চাহিদ আলিয়েও নিজৰ কষ্টোপাৰ্জিত ধনেৰে আঠগাও অঞ্চলৰ বানাক্ৰান্তক কিছু পৰিমাণে হলেও সহায়ৰ হাত আগবঢ়াই। ইয়াৰ উপৰিও চাংসাৰিৰ একাংশ সমাজ সচেতন যুৱকে আঠগাও আদিত বানে বিভিষীকাময় কৰি তোলা অঞ্চলৰ ৰাইজক সহায় কৰাৰ উদ্দেশ্যে পথচাৰী, গাড়ী মটৰৰ পৰা বানাক্ৰান্তৰ বাবে চান্দা সংগ্ৰহ কৰি আঠগাও আদি অঞ্চলৰ ৰাইজক সহায়ৰ হাত আগবঢ়াই কিছু পৰিমাণে হলেও দুৰ্গত ৰাইজক সকাহ দিবলৈ চেষ্টা কৰে।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *