Friday , December 13 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কামৰূপ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে তৃতীয় পৰ্যায়ৰ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতি

কামৰূপ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে তৃতীয় পৰ্যায়ৰ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতি

 

পঙ্কজ নাথ, চাংসাৰি ২১ এপ্ৰিল :

ৰাজ্যত দুটা নিৰ্বাচনী পৰ্যায় বিভিন্ন খামখেয়ালিৰ মাজত অনুষ্ঠিত হৈ যোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ইয়াৰ বিপৰীতে অৰ্থাৎ সুকলমে অনুষ্ঠিত কৰিবৰ বাবে কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত তৎপৰতা বাঢ়িছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপৰ ৮৮৬ টা কেন্দ্ৰৰ ১৮ টা দূৰণিবটীয়া কেন্দ্ৰলৈ নিৰ্বাচনী কৰ্মীৰ দল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।সোমবাৰে বাকী থকা ৮৬৮ টা দল প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে । দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী টিম পঠিয়াবৰ বাবে ভটভটী আৰু গৰুগাড়ীৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। স্পৰ্শকাতৰ ভোট কেন্দ্ৰৰ তিনিতৰপীয়া নিৰাপত্তাৰ ব্যবস্থা কৰা হৈছে বুলিও নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে । ইতিমধ্যে বাছ অধিগ্ৰহণকে ধৰি চিকিৎসকৰ দল সাজু কৰি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদানৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে বুলি কামৰূপ প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *