Tuesday , November 20 2018
Home / চিত্ৰ-সংবাদ / কিমেৰাৰ ২০১৮” তৃতীয় বাৰ্ষিক ফেষ্টিভেল

কিমেৰাৰ ২০১৮” তৃতীয় বাৰ্ষিক ফেষ্টিভেল

 

ষ্টাফ ৰিপোৰ্টাৰ: অম্ৰপালি (চচাইটি অফ আৰ্টৰ) উদ্যোগত “কিমেৰাৰ ২০১৮’ তৃতীয় বাৰ্ষিক ফেষ্টিভেল অনুষ্ঠিত কৰা হ’ব। এই ফেষ্টিভেলত আয়োজন কৰা হ’ব বিভিন্ন ধৰণৰ প্ৰতিযোগিতা নাৰ্ছাৰী শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণী পৰ্যন্ত। নৃত্য ,গীত , ছবি,আদিকে ধৰি কেইবাটাও প্ৰতিযোগিতা হ’ব। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে অম্ৰপালিৰ প্ৰতিষ্ঠাপক প্রণামী ভাগৱতীয়ে। তেঁও লগতে কয় “বিগত বৰ্ষৰ তুলনাত এইবাৰ আমি ১৫, টা প্ৰতিযোগিতা ৰাখিছোঁ।। আমি স্কুল কলেজৰ পৰা বহুতো সঁহাৰি পাইছো। ইয়াৰ জৰিয়তে লৰা ছোৱালী বোৰে নিজৰ প্ৰতিভা বিকাশ কৰাৰ বাবে এখন মঞ্চ পায়। আনহাতে নৃত্য প্ৰশিক্ষক আৰু কিমেৰাৰ উপদেষ্টা ৰুদ্ৰ জয়ন্ত ভাগৱতীয়ে কয়” এই অনুষ্ঠানটোৱে এটা সময়ত নিশ্চিতভাবে বিভিন্ন অনুষ্ঠিত কৰি বিশ্ব দৰবাৰত অসমৰ নাম উজলাব পাৰিব। উল্লেখ যে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগিসকল আহিব নিজৰ প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে। ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰ লৈ প্ৰতিযোগিতা সমূহ চলিব আৰু ২ নৱেম্বৰত ৰ বঁটা বিতৰনী সভা সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু সেইদিনা উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। সংবাদমেলত উপস্থিত থাকি ককেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে কিমেৰাৰ বিষয়ে চমু বক্তৃতা প্ৰদান কৰে।

About Staff Reporter

চাব পাৰে

বড়ো ভাষাৰ চলচ্চিত্ৰ “ছল’ : এৰিয়লগেম” পোষ্টাৰ মুকলি

ভিউফাইণ্ডাৰ ৰ বেনাৰত নিৰ্মিত বড়ো ভাষাৰ নতুন চলচ্চিত্ৰ “ছল’ : এৰিয়লগেম” পোষ্টাৰ অলপতে মুকলি কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *