Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / কুমাৰপাৰাত কেকপ্ৰেমীসকলৰ বাবে বিশেষ অনুষ্ঠান

কুমাৰপাৰাত কেকপ্ৰেমীসকলৰ বাবে বিশেষ অনুষ্ঠান

 

ষ্টাফৰিপৰ্টাৰ,,,,১৩ অক্টোবৰ।।বৃহস্পতিবাৰে গুৱাহাটীৰ কুমাৰপাৰাস্থিত ‘ক্ৰাইছেণ্ট এক্সপ্ৰেছ কপপ্লেক্স’ত ভেলেণ্টাইন ডে উপলক্ষে কেক কাৰ্ণিভেল শীৰ্ষক এক বিশেষ অনুষ্ঠান উদযাপন কৰা হয়। তিনিদিনিয়াকৈ আয়োজিত এই অনুষ্ঠানৰ আজি প্ৰথমদিনা উদ্যোক্তাসকলৰ হৈ দেবেন্দ্ৰ শেঠীয়াই এই সন্দৰ্ভত কয়’-এই অনুষ্ঠানত এশবিধ বিভিন্ন ধৰণৰ কেক পৰিবেশন কৰা হৈছে। এই কেকবিলাক গ্ৰাহকৰ দাবী অনুসৰি আকৰ্ষণীয় ৰূপত প্ৰস্তুত কৰা হৈছে। ইয়াৰ মাজত বিভিন্ন ধৰণৰ সোৱাদ আৰু আৰ্হিৰে প্ৰস্তুত কৰি উলিওৱা বিভিন্ন ধৰণৰ থ্ৰি-ডি কেক আছে। এই সকলো কেক স্বাস্থ্যসন্মত ভাৱে এশ শতাংশ নিৰামিষ পদ্ধতিৰে প্ৰস্তুত কৰা হৈছে।য’ত ৫০ শতাংশ বিধৰো অধিক কুকিছ ,২০ বিধৰো অধিক ব্ৰেড, ছুগাৰ ফ্ৰি কেক, প্ৰেষ্টিছ, ট’জ ইত্যাদি উপলব্ধ। তেওঁ লগতে কয়”- এই কেক কাৰ্নিভেল অহা ১৪ ফেব্ৰুৱাৰী লৈ চলিব য’ত কেকপ্ৰেমীসকলে বিভিন্ন প্ৰকাৰৰ সুস্বাদু কেকৰ জুতি লব পাৰিব। আনহাতে, একেদৰে গ্ৰাহকক সন্মুখত ৰাখি ইয়াত বিভিন্ন ধৰণৰ কেক প্ৰস্তুত কৰা হয়। জন্মদিনকে আদি কৰি বিভিন্ন ধৰণৰ উৎসৱৰ বাবে উপলব্ধ হৈছে কেক।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *