Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষ্ণাইত লক ডাউন সৰ্বাত্মকঃবহু গাঁৱত আনলোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণাঃ

কৃষ্ণাইত লক ডাউন সৰ্বাত্মকঃবহু গাঁৱত আনলোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণাঃ

কৃষ্ণাইত লক ডাউন সৰ্বাত্মকঃবহু গাঁৱত আনলোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণাঃশাক পাচলিৰ নাটনি

—–

২১ দিনীয়া লক ডাউনৰ আজি দ্বিতীয় দিনটোও সম্পূৰ্ণ স্তব্ধ হৈ ৰয় সমগ্ৰ গোৱালপাৰা জিলা ৷ জিলাখনৰ বৃহত্তৰ কৃষ্ণাই অঞ্চলতো লক ডাউনৰ প্ৰভাৱ সৰ্বাত্মক ৷ পথ সমূহত দুই চাৰিখন বিশেষ যান বাহনৰ বাহিৰে সকলো ফালে নিতাল নিস্তব্ধ ৷ অৱশ্যে ইয়াৰ মাজতে আৰক্ষীৰ অনুমতি সাপেক্ষে আজি দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ কৃষ্ণাই মূল বজাৰত দুখনমান গেলামাল আৰু ফলমূলৰ দোকান খুলিছিল যদিও তাতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত নহ’ল ৷ ইয়াৰ বিপৰীতে কৃষ্ণাইৰ পাৰ্শ্বৱতী বিভিন্ন অঞ্চলত লক ডাউন ভংগ কৰি বাটে পথে আড্ডা দি থকা কিছু লোকেহে আৰক্ষীক হাৰাশাস্তি কৰা দৃষ্টিগোচৰ হয় ৷ প্ৰশাসনৰ হেজাৰ আবেদনকো নামানি এনেদৰে জুম বান্ধি থকা বহু জনৰ ওপৰত আৰক্ষীয়ে  লাঠী চলাবলৈকো বাধা হৈ পৰে ৷ আনহাতে অঞ্চলটোৰ বহু গ্ৰামাঞ্চলত দেখা গ’ল কৰোনাৰ প্ৰতি সজাগতাৰ অন্য এখন ছবি ৷ কৃষ্ণাইৰ কাষৰীয়া শালপাৰা কালপানী,গুৰিয়া তথা হিউমপাইপ অঞ্চলৰ প্ৰৱেশ পথত ৰাইজে বাঁহ কাঠেৰে ভেটা দি গাওঁ সমূহলৈ বাহিৰা লোকৰ প্ৰৱেশ নিষেধ ঘোষণাৰে বেনাৰ আঁৰি দিয়া দৃষ্টিগোচৰ হয় ৷ ইফালে কৃষ্ণাই অঞ্চলত  শাক পাচলিৰ নাটনিয়ে মূৰ দাঙি উঠিছে ৷ এই ক্ষেত্ৰত কিবা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে স্থানীয় প্ৰশাসন অনুৰোধ জনাইছে ৷ ৰাইজে আৰক্ষীৰ তত্বাবধানত হ’লেও কৃষ্ণাই বজাৰত শাক পাচলিৰ যোগান ধৰাৰ বাবে আহ্বান জনাইছে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঁঞাক ৷ অৱশ্যে আৰক্ষী বিষয়া
জনে কোনো কাৰণতে ৰাইজক লক ডাউন ভংগ নকৰিবলৈ পুণৰবাৰ আহ্বান জনাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Repprt

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *