Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষ্ণাইৰ শাৰদীয় দুৰ্গোৎসৱত উদুলি মুদুলি পৰিবেশঃলোকাৰণ্য টুক্ৰেশ্বৰী দেৱালয়

কৃষ্ণাইৰ শাৰদীয় দুৰ্গোৎসৱত উদুলি মুদুলি পৰিবেশঃলোকাৰণ্য টুক্ৰেশ্বৰী দেৱালয়

কৃষ্ণাইৰ শাৰদীয় দুৰ্গোৎসৱত উদুলি মুদুলি পৰিবেশঃলোকাৰণ্য টুক্ৰেশ্বৰী দেৱালয়
————————–

সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ দৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইতো শাৰদীয় দুৰ্গোৎসৱৰ উছাহ উদ্দীপনা সম্প্ৰতি তুংগত উঠিছে ৷ আজি অষ্টমী পূজাৰ দিনা পুৱাৰে পৰা পূজা মণ্ডপ সমূহত ভক্তপ্ৰাণ ৰাইজৰ লগতে দৰ্শনাৰ্থীৰ ভিৰেে উদুলিমুদুলি পৰিবেশৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে বৃহত্তৰ কৃষ্ণাই গ্ৰাম্য চহৰত এইবেলি দুৰ্গাবাৰী,বাবুপাৰা,কৰ্মকাৰপাৰা,
আশুডুবি,জাগ্ৰতপাৰা,জ্যোতি নগৰ,বেকীপুল তথা ধাইগাঁৱকে ধৰি মুঠ এঘাৰটা মণ্ডপত শাৰদীয় দুৰ্গা পূজা অনুষ্টিত হৈছে ৷ দুৰ্গা পূজা উপলক্ষে ইতিমধ্যে সকলোবোৰ পূজা মণ্ডপে চালে চকু ৰোৱাকৈ সজাই তোলা হৈছে ৷ বজাৰ সমূহতো সৃষ্টি হৈছে মেলা সদৃশ পৰিবেশ ৷ ইফালে কৃষ্ণাইৰ ঐতিহাসিক শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়তো অনুষ্ঠিত হৈছে শাৰদ উৎসৱ ৷ মৃন্ময় প্ৰতিমা বিহীন টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাত কাইলৈ নৱমীৰ দিনা পৰম্পৰা ৰক্ষা কৰি এটি অক্ষত ম’হ বলি আগবঢ়োৱা হ’ব ৷ এই বলিৰ তেজ পাণ কৰিবলৈ উদ্গ্ৰীৱ হৈ আছে দেৱালয়ৰ বান্দৰ সমাজ ৷ প্ৰণিধান যোগ্য যে শাৰদীয় দুৰ্গোৎসৱত যাতে শান্তি শৃংখলা বিঘ্নিত নহয় তাৰ প্ৰতি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসনে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ !

**** **** ***** *** *** **** ****

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *