Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / কেইবাটাও পঞ্চায়তত হ’ব পুনৰ ভোটগ্ৰহণ

কেইবাটাও পঞ্চায়তত হ’ব পুনৰ ভোটগ্ৰহণ

 

ষ্টাফৰিপৰ্টাৰ,৬ ডিচেম্বৰ, কেইবাটাও পঞ্চায়তত হ’ব পুনৰ ভোটগ্ৰহণ। ৪৩টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ পৰ্ব। বিসংগতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ নিৰ্বাচন আয়োগৰ। বুধবাৰে ভোটগ্ৰহণৰ সময়ত বিসংগতি ধৰা পৰিছিল পঞ্চায়তৰ বহু ভোটকেন্দ্ৰত। লখিমপুৰৰ ২৭টা ভোটকেন্দ্ৰত, কামৰূপ (ম)ৰ ৩টা, ধেমাজিৰ ৪টা, ঢকুৱাখনাৰ দুটা, শিৱসাগৰৰ দুটা, চৰাইদেউৰ এটা, বিশ্বনাথৰ এটা, তিতাবৰৰ এটা আৰু গহপুৰৰ দুটা ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্ৰহণ পৰ্ব। কাইলৈ লখিমপুৰৰ বাদে সকলো কেন্দ্ৰতে হ’ব ভোটগ্ৰহণ। লখিমপুৰত ১০ ডিচেম্বৰতহে হ’ব পুনৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত প্ৰায় ৭৫ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ। শদিয়া আটাইতকৈ কম ভোট দান ৬৫.৫৮ শতাংশ আৰু দৰঙত আটাইতকৈ বেছি ভোট দান ৮১.৫২ শতাংশ।

About Staff Reporter

চাব পাৰে

বিশিষ্ঠা মঞ্চাভিনেত্ৰী ৰীণা ডেকা বৰুৱাক কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, জে বি প্ৰডাকচনৰ অন্যতম নিষ্ঠাবান অভিনেত্ৰী কিৰণময়ী বৰাৰ ২০১৬বৰ্ষৰ ১২জুনত মৃত্যু …

Leave a Reply

Your email address will not be published. Required fields are marked *