Tuesday , November 20 2018
Home / আঞ্চলিক / কেন্দ্ৰীয় মন্ত্ৰীৰ নাৰী কেলেংকাৰীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব

কেন্দ্ৰীয় মন্ত্ৰীৰ নাৰী কেলেংকাৰীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব

##     কংগ্ৰেছত  মুখ্যমন্ত্ৰী হ’বলৈ মানুহ বিজেপিত হ’লগৈ আদা বেপাৰী -ৰকিবুল হুছেইন###

নগাঁও , ৯ নবেম্বৰ ঃঃ  পঞ্চায়ত নিৰ্বাচিনলৈ মাজত মাথো এটা মাহ থকা অৱস্হাত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক দল সমুহ তৎপৰ হৈ পৰাৰ  লগতে বিভিন্ন দলৰ নেতাৰ মাজত আৰম্ভ হৈছে মুখচুপতি। আজি নগাঁৱত প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে  আৰম্ভ কৰিলে বিৰোধী নেতাক স্বভাৱগত ভাবে আক্ৰমণ । হুছেইনে নাম উল্লেখ নকৰাকৈ একালৰ সতীৰ্থ , বৰ্তমানৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  কটাক্ষ কৰাৰ লগতে বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰা ৰাজেন গোঁহাইৰ নাৰী কেলেংকাৰী  প্ৰসংগতো সৰৱ হ’ল। উল্লেখ্য , নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক সভাত ভাগ লোৱাৰ পিছত ৰকিবুলে হুছেইনে সাংবাদিকক ক’লে– ৰাজেন গোঁহাইৰ নাৰী কেলেংকাৰী প্ৰসংগই কংগ্ৰেছৰ ভোট বৃদ্ধি কৰিব, ইয়াৰ বিপৰীতে বিজেপিৰ ক্ষতি হ’ব। বিজেপি আমাৰ হাতত ধৰাশায়ী হ’ব।আনকি কংগ্ৰেছে ভবাতকৈ বেছি ভোট লাভ কৰিবলৈ সক্ষম হ’ব। বৰ্তমানেও বিজেপিয়ে প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থী বিচাৰি পোৱা নাই। ইয়াৰ উপৰি পঞ্চায়ত নিৰ্বাচনত শাসনাধিষ্ঠ বিজেপি-অগপ মিত্ৰতাধীন চৰকাৰখনে অনুষ্ঠিত কৰিব বিচৰা নাছিল বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়– পৰাজয় হোৱাৰ ভয়ত দল দুটাই মানুহৰ কাষ চাপিবলৈ ভয় খাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাত চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বাধ্য হৈছে। প্ৰাক্তন মন্ত্ৰীজনে অগপ-বিজেপি আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি কয়– অগপ বিজেপিতকৈ বেছি প্ৰতাৰক। অগপ দলটোৱে জনসাধাৰণক বৰ্তমানলৈকে মিছা প্ৰতিশ্ৰুতিয়েই প্ৰদান কৰি আহিছে। আনহাতে, একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি  প্ৰাক্তন  মন্ত্ৰী ৰকিবুল হুছেইনে নাম নোকোৱাকৈ কয়– তেওঁ কংগ্ৰেছত মুখ্যমন্ত্ৰী হ’বলৈ আশা পালি আছিল কিন্তু বিজেপিত গৈ হ’লগৈ আদা বেপাৰী। এতিয়া ৰাইজে দেখি-শুনি সকলো বুজিছে আৰু তেওঁলোক ৰাইজৰ লগত নাই, কেৱল তেওঁলোক পুলিচ আৱেষ্টনীৰ মাজতে থাকিব বিচাৰে। আনহাতে, আমি প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশনাৰ ভিত্তিত নিয়মিতভাৱে কাম কৰি আছো। এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছেৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ। আজি নগাঁৱত বহুবল্কী নেতা ৰকিবুলে ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰিলেও পৰৱৰ্তী সময়ত ৰকিবুলৰ বাক্যবানৰ প্ৰত্যুত্তৰ ৰাজেন গোঁহাই অথবা হিমন্ত বিশ্বই কিদৰে দিয়ে সেয়া হ’ব লক্ষণীয়।##

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *