Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন; চি এম এ এৱাৰ্ড প্ৰদান :

গোলাঘাট,১২ অক্টোবৰ : ইতিমধ্যে ১৬ বৰ্ষ গৰকা গোলাঘাটৰ অন্যতম সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানে কালিৰে পৰা গোলাঘাটৰ এমেচাৰ থিয়েটাৰ ছ’ছাইটিৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। সেই উপলক্ষে বিগত ৬ অক্টোবৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে কালি পুৱা ১০ বজাত বন্তি প্ৰজ্বলন, মঞ্চ উদ্বোধন হোৱাৰ পিছতেই ১১ বজাৰ পৰা প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়ন দেৱৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা হ’য় । এই প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত সকলক চি এম এ এৱাৰ্ডছ ২০১৯ প্ৰদান কৰা হ’য়। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষানুষ্ঠান খনে প্ৰতিটো বৰ্ষতে আগবঢ়াই অহা প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়ন সোঁৱৰণী সন্মানীয় তিনিটাকৈ বটাঁ প্ৰদান কৰে। বৰবায়ন বটাঁ ২০১৯ প্ৰদান কৰা হ’য় সত্ৰীয়া সংস্কৃতিৰ অক্লান্ত সাধক সদা হাজৰিকা দেৱক। একেদৰে প্ৰথম বাৰৰ বাবে আন দুটি বটাঁ ক্ৰমে, সেউজ শিল্পী বটাঁ ২০১৯ প্ৰদান কৰা হ’য় চিত্ৰশিল্পী ৰাণা কলিতা দেৱক আৰু বিশিষ্ট সাংবাদিক ও সাহিত্য সংগঠক ২০১৯ বটাঁ প্ৰদান কৰা হ’য় দৈনিক অগ্ৰদূত কাকতৰ জেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাদেৱক। ইয়াৰ পিছতেই প্ৰতিযোগীসকলক বিশিষ্ট অতিথিৰ দ্বাৰা বটাঁ প্ৰদান কৰা হ’য়। কালি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল হৈছে, সাংস্কৃতিক সঞ্চালকালয় বিষয়া ৰবিজ্যোতি বৰুৱা, দণ্ডধৰ বৰুৱা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ও কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ সভাপতি প্ৰভাত চন্দ্ৰ শইকীয়া, সু লেখিকা জীনা বৰুৱা, সাংবাদিক ও ডেউকা নাট্যবিদ্যালয় ৰ সঞ্চালক মীনাক্ষী ফুকন, সাংবাদিক শান্তনু দত্ত আদি। শিক্ষানুষ্ঠান টিৰ সম্পাদক তথা সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানটি সুকলমে সম্পন্ন হোৱাৰ লগতে আজি সন্ধ্যা ৬ বজাত কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ প্ৰশিক্ষাৰ্থী সকলে মহাপুৰুষীয়া সৃষ্টি “পাৰ্থ পৰাজয়” ভাওনা ভাগি মঞ্চস্থ হ’ব।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *