Monday , June 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / কেভেণ্টাৰেৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত “কেভেণ্টাৰ মিল্ক” মুকলি

কেভেণ্টাৰেৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত “কেভেণ্টাৰ মিল্ক” মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,২০ ডিচেম্বৰ।।।। পূব ভাৰতৰ দ্ৰুত খাদ্য আৰু পানীয় কোম্পানী কেভেণ্টাৰে বৃহস্পতি বাৰে মুকলি কৰে নতুন “কেভেণ্টাৰ মিল্ক”। কেভেণ্টাৰ আলট্ৰা হাই টেম্পেৰেছাৰ অৰ্থাৎ ইউ এছ টি এবিধ খাদ্য সংসাধন পদ্ধতিৰ প্ৰযুক্তিৰে পৰিপুষ্ট আৰু গাখীৰ বিধত থকা সকলো বেক্টেৰিয়া ধ্বংস কৰিব পাৰি মাত্ৰ ৩ৰ পৰা ৪ চেকেণ্ড ১৩৫ ডিগ্ৰী চেলচিয়াছৰ অধিক তাপত গৰম কৰি। কোনো সংৰক্ষণ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ নিৰাপদ আৰু পুষ্টিসম্পন্ন এই গাখীৰবিধ এক সংবাদমেলযোগে মুকলি কৰি কেভেণ্টাৰৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মায়ংক জালানে কয় “আমি সকলোৰে বাবে এক স্বাস্থ্যকৰ ভৱিষ্যতৰ আশা কৰিছো যাতে আমাৰ গ্ৰহকসকলক আমি পুষ্টিকৰ সামগ্ৰীৰ যোগান ধৰিব পাৰো আৰু পাউশ্ব মিল্ক আৰু আইচ ক্ৰীমৰ পাছতে কেভেণ্টাৰত আমি ইউ এছ টি গাখীৰৰ ব্যৱসায়ৰ অগ্ৰগতিত বিশেষ গুৰুত্ব দিম। ভৱিষ্যতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও বিহাৰ ঝাৰখণ্ডত উৰিয়া আৰু ভুটানৰ গ্ৰাহকৰ বাবেও সেৱা আগবঢ়াম। কেভেণ্টাৰ এগ্ৰৰ ইউ এইচ টি মিল্কৰ চি অ’ সৌৰভ জাজোদিয়াই কয় ” ভাৰতৰ ইউ এইচ টি মিল্কৰ বজাৰখন ২০২৩ চনত ১০,০০০ কোটি টকাৰে সফলতাৰ দিশত আগুৱাব বুলি আশা কৰা হৈছে আৰু সেয়াই হলে ২০২০ চনৰ ভিতৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ২০% বজাৰ অংশ আৰু ১৫০ কোটি ৰাজহ আহৰণ কৰিব পাৰিম বুলি আমি আশাবাদী। কেভেণ্টাৰ মিল্ক ১ লিটাৰ, ৫০০ মিলিলিটাৰ আৰু ২০০ মিলিলিটাৰৰ পেকত ষ্টেণ্ডডাইজড, টণ্ড আৰু ডাবল টণ্ড এই তিনিটা বিভিন্নতাত উপলব্ধ। আজিৰ এই সংবাদমেলত উপস্থিত থাকে টেট্ৰা পেক ছাউথ এছিয়াৰ পৰিচালন সঞ্চালক আশুতোষ মনোহৰ।

About Staff Reporter

চাব পাৰে

ভাৰতৰ অফলাইন বজাৰত মুকলি হ’ল ৰীয়েলমী চি২

  ষ্টাফ ৰিপোৰ্টাৰ ।।। ১১ জুন,,,, ভাৰতৰ শীৰ্ষস্থানৰ মানদণ্ডযুক্ত স্মাৰ্টফোন ব্ৰেণ্ড ৰিয়েলমীয়ে মঙলবাৰে গুৱাহাটীত এখন …

Leave a Reply

Your email address will not be published. Required fields are marked *