Sunday , January 26 2020
শেহতীয়া খবৰ
Home / মহানগৰ / কে ভি হলিদে’ছৰ কাৰ্যালয়ত ট্ৰেভেল এজেণ্টৰ অনুষ্ঠান সম্পন্ন

কে ভি হলিদে’ছৰ কাৰ্যালয়ত ট্ৰেভেল এজেণ্টৰ অনুষ্ঠান সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ২২ ছেপ্টেম্বৰ : গুৱাহাটীৰ এ আই ডি চি স্থিত কে ভি হলিদে’ছৰ কাৰ্যালয়ত দেওবাৰে এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৱৰ ২০জন ট্ৰেভেল এজেণ্টক এক ফিমিলিয়াৰাইজেশ্বন ট্ৰিপৰ বাবে বাছনি কৰে।। এই ২০ ট্ৰেভেল এজেণ্টক ২৯ ছেপ্টেম্বৰত ৩ ৰাতিৰ বাবে থাইলেণ্ডলৈ পঠিওৱা হ’ব। এই যাত্ৰাকালত ট্ৰেভেল এজেন্টসকলে বেংকক আৰু পাট্টায়াৰ বিভিন্ন সামগ্ৰীৰ বিষয়ে সাম্যক জ্ঞান আহৰণ কৰিব পাৰিব। ইয়াৰোপৰি তেওঁলোকে এই ভ্ৰমণকালত দুয়োখন মহানগৰৰ হোটেলসমূহৰো চমু বিৱৰণ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ গ্ৰাহকক গাইড কৰাত সহায় হ’ব।
উল্লেখ্য ইতিমধ্যেই ন’ক এয়াৰে গুৱাহাটী আৰু বেংককৰ মাজত সপ্তাহত দুবাৰকৈ বিমান চলাচল আৰম্ভ কৰিছে। এই বিমান সেৱাৰ পিছত দুয়ো মহানগৰৰ মাজত পৰ্যটকৰ সংখ্যাও বৃদ্ধি কৰিব। আৰু ট্ৰেভেল এজেণ্টসকলে দুয়ো মহানগৰৰ জ্ঞান থাকিলে তেখেতলোকৰ গ্ৰাহক তথা পৰ্যটকসকলক সহায় কৰা উপকৃত হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।

About Staff Reporter

চাব পাৰে

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *