Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / “ক্ৰাফট বজাৰ” শীর্ষক মেলা আৰম্ভ

“ক্ৰাফট বজাৰ” শীর্ষক মেলা আৰম্ভ

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : ব্রাফেডৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ হস্তশিল্প উন্নয়ন আয়ুক্তৰ সহযোগত বৃহস্পতিবাৰৰ পৰা “ক্ৰাফট বজাৰ” শীর্ষক মেলা আৰম্ভ হৈছে। মহানগৰীৰ বেলতলাৰ দক্ষিণ বেলতলা হাইস্কুলৰ খেলপথাৰৰ প্ৰাংগণত অনুষ্ঠিত এই মেলাৰ বৃহস্পতিবাৰে উদ্বোধন কৰে ব্রাফেডৰ পৰিচালন সঞ্চালক এন এন ৰানা পাটগিৰিয়ে। মেলাৰ উদ্বোধন কৰি তেওঁ কয়- “এই মেলাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী সকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক ভাৱে সবল কৰাৰ এখন মঞ্চ প্ৰদান কৰা হৈছে”। অনুষ্ঠানত দক্ষিণ বেলতলা হাইস্কুলৰ অধ্যক্ষ ফণীধৰ শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ক্ৰাফট বজাৰৰ কাৰ্য্যালয় বিষয়া বিদ্যুৎ পাটগিৰিয়ে কয়- “এই মেলাত সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ পৰা ৭০ গৰাকী হস্তশিল্পীয়ে অংশ গ্ৰহণ কৰিছে। দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাত বস্ত্ৰ, বাঁহ বেতৰ দ্বাৰা নিৰ্মিত সামগ্ৰী, আ অলংকাৰ, গৃহ সজ্জাৰ সমগ্রী আদি ক্রেতাই ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। এই মেলা খন ৬ মাৰ্চ লৈ দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ গ্ৰাহকৰ বাবে মুকলি থাকিব।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *