Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৰ’ণা ভাইৰাছৰ সংক্ৰমণ : মাজুলীত ‘হোম কুৱাৰেণ্টাইন’ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ : মাজুলীত ‘হোম কুৱাৰেণ্টাইন’ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ : মাজুলীত ‘হোম কুৱাৰেণ্টাইন’ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন, দুজনক আটক:

পৰাণজ্যোতি বৰা,মাজুলী, ২৬ মাৰ্চ :

মাজুলী জিলাত ন’ভেল ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সৰ্বাত্মক সতৰ্কতামূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। ইতিমধ্যে বহিঃ ৰাজ্যৰ কৰ্মস্থলী, অধ্যয়নস্থলীৰ পৰা আৰু বাহিৰত ভ্ৰমণ সামৰি নিজৰ ঘৰলৈ ঘূৰি অহা মাজুলীৰ যুৱক-যুৱতী, লোকসকলক ‘হোম কুৱাৰেণ্টাইন’ৰ সতৰ্কতামূলক পৰ্যবেক্ষণৰ বাবে পৰৱৰ্তী ১৪ দিনলৈ ঘৰতে আছুতীয়া কোঠাত থাকি ঘৰৰ বাহিৰ নোলাবলৈ দিয়া নিৰ্দেশ যাতে সকলোৱেই মানি চলে, সেয়া সুনিশ্চিত কৰাত প্ৰধান অগ্ৰাধিকাৰ দিছে প্ৰশাসনে। আনকি এই হোম কুৱাৰেণ্টাইনৰ নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ স্থিতিও গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে প্ৰশাসনে আজি হোম কুৱাৰেণ্টাইনৰ নিয়ম উলংঘা কৰা দুজন যুৱকক আটক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইন-২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত এজাহাৰো দাখিল কৰে। বহিঃ ৰাজ্যৰ কৰ্মক্ষেত্ৰৰ পৰা যোৱা সপ্তাহত ঘূৰি অহা যুৱক দুজনৰ শৰীৰত ক’ৰ’ণা ভাইৰাছ-১৯ সংক্ৰমণৰ কোনো লক্ষণ এতিয়াও পৰিলক্ষিত হোৱা নাই যদিও এই মহামাৰী প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে জাৰি কৰা প্ৰট’কলৰ আধাৰত তেওঁলোকক মাজুলীত উপস্থিত হোৱাৰ পাছৰ চৈধ্যটা দিনলৈ ঘৰতে আছুতীয়া কোঠাত বাহিৰলৈ নোলোৱাকৈ পৰ্যবেক্ষণত থাকিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশ উলংঘা কৰি যুৱক দুজনে ঘৰৰ পৰা ওলাই নিজ এলেকাত ঘূৰা-ফিৰা কৰাৰ অভিযোগ পাই প্ৰশাসনে বিষয়টোৰ পৰীক্ষা কৰি সতৰ্কতামূলক কাৰ্যব্যৱস্থাৰ অংশ হিচাপে দুয়োকে আটক কৰি বৰ্তমান কমলাবাৰী খণ্ড প্ৰাথমিক চিকিৎসালয়ত সাজু কৰা ‘কুৱাৰেণ্টাইন কক্ষ’ত চিকিৎসা কৰ্মীৰ নিৰন্তৰ নজৰত আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰে। জিলা প্ৰশাসনে মাজুলীত হোম কুৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ পোৱা প্ৰতিগৰাকী যুৱক-যুৱতী তথা লোককে কঠোৰ ভাৱে হোম কুৱাৰেণ্টাইনৰ নিয়ম মানি ঘৰৰ পৰা বাহিৰ নোলাবলৈ পুণৰবাৰ সতৰ্ক কৰি দিছে। আনকি, এইক্ষেত্ৰত পৰিয়ালসমূহকো প্ৰশাসনৰ নিৰ্দেশ সম্পূৰ্ণ ৰূপে মানি চলিবলৈ সকীয়নি দিয়া হৈছে। অন্যথা, হোম কুৱাৰেণ্টাইনৰ নিয়ম ভংগকাৰীৰ লগতে তেনে পৰিয়ালৰ সদস্যকো আটক কৰি প্ৰশাসনে সাজু কৰা অস্থায়ী কুৱাৰেণ্টাইন শিবিৰত আটক কৰি ৰখা হ’ব বুলিও সংশ্লিষ্ট সকলোকে পুণৰবাৰ স্পষ্ট কৰি দিয়ে জিলা প্ৰশাসনে।

পৰাণজ্যোতি বৰা, মাজুলী।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *