Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৰৰাৰ শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণী

কৰৰাৰ শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণী

কৰৰাৰ শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণী

*পৰৱৰ্তী ৰাউণ্ডত জাৰকোনা জংগলী ক্লাৱ*

প্ৰতিবেদক, উত্তৰ কামৰূপ , ২৫ আগষ্ট :

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা অনুমোদিত ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাৰকোনা জংগলী ক্লাৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে । আজি অনুষ্ঠিত হোৱা প্ৰথমখন উদ্বোধনী খেলত চাৰিআলিৰ প্ৰক্ষালন এফ চি আৰু জাৰকোনা জংগল ক্লাৱৰ মাজৰ উত্তেজনাময় খেল খনত ৫—২ গ’লত জাৰকোনা জংগল ক্লাৱে প্ৰক্ষালন এফ চিক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, কিশোৰ নাথ ,আনোৱাৰ হুছেইন আৰু অমৰেন্দ্ৰ শৰ্মাই ।আজিৰ প্ৰথম দিনৰ খেলৰ শুভ উদ্বোধনী কৰে কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ সভাপতি কৰুণা কান্ত ডেকাই। অনুষ্ঠানটিত সম্বৰ্ধনা যাঁচে খেল সম্পাদক ভুষণ ডেকাই। আনহাতে ৩০ আগষ্টৰ এখন খেলত কমলপুৰ ষ্টাৰ ক্লাৱে গৌদাংজুলী নৌজী বাৰেদলা ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *