Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত জংগলী ক্লাৱ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত জংগলী ক্লাৱ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত জংগলী ক্লাৱ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

প্ৰতিবেদক, ৰঙিয়া , ১ ছেপ্টেম্বৰ :

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা অনুমোদিত ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাৰকোনা জংগলী ক্লাৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । আজি অনুষ্ঠিত হোৱা প্ৰি-কোৱাৰ্টাৰ খেলত জাৰকোনা জংগলী ক্লাৱ আৰু উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰ অজন্তা ক্লাৱৰ মাজৰ উত্তেজনাময় খেল খনত নুন্যতম ১ গ’লত অজন্তা ক্লাৱক পৰাস্ত কৰি জাৰকোনা জংগলী ক্লাৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে আনোৱাৰ হুছেইন, পহৰেদ আলী আহমেদ,বাহাৰুল ইছলাম আৰু অমৰেন্দ্ৰ শৰ্মাই ।আজিৰ খেলখনৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী তথা জীৱন বীমা বিভাগৰ বিষয়া দণ্ডেধৰ ডেকাই খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি ক্ৰীড়াই মানৱ জীৱনৰ শৃংখলাবদ্ধতাৰ লগতে সুস্থ সমাজ গঠনত সহায়ক হয় বুলি বক্তব্য দাঙি ধৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *