Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

প্ৰতিবেদক, ৰঙিয়া , ৮ ছেপ্টেম্বৰ :

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা অনুমোদিত ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত ৰামপুৰ এফ চিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । আজি অনুষ্ঠিত হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মধুকুছি সংস্কাৰ সংঘ আৰু ৰামপুৰ এফ চিৰ মাজৰ উত্তেজনাময় খেল খনত নুন্যতম ১- ১ গ’লত অমীমাংসিত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত ৰামপুৰ এফ চিয়ে ৪—২ গ’লত মধুকুছি সংঘক পৰাস্ত কৰি ৰামপুৰ এফ চিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, আনোৱাৰ হুছেইন, সতীশ ডেকা আৰু অমৰেন্দ্ৰ শৰ্মাই ।আজিৰ খেলখনৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী তথা নীপকোৰ বিষয়া বীৰেন্দ্ৰ নাথ শৰ্মাই খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।
পৰৱৰ্তী খেল অহা ১০ ছেপ্টেম্বৰত কেতেকীবাৰী সংঘই কমলপুৰ ষ্টাৰ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *