Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / কৰৰা ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী জ্ঞানদা সংঘ কোৱাৰ্টাৰ ফাইনেলত

কৰৰা ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী জ্ঞানদা সংঘ কোৱাৰ্টাৰ ফাইনেলত

*কৰৰা ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী জ্ঞানদা সংঘ কোৱাৰ্টাৰ ফাইনেলত*

প্ৰতিবেদক,ৰঙিয়া,১০ ছেপ্টেম্বৰ : কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত কেতেকীবাৰী জ্ঞানদা সংঘই কোৱাৰ্টাৰ  ফাইনেলত প্ৰৱেশ কৰিছে । আজি অনুষ্ঠিত হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কমলপুৰ ষ্টাৰ ক্লাৱ আৰু কেতেকীবাৰী জ্ঞানদা সংঘৰ উত্তেজনাময় খেল খনত  ৩ —০ গ’লত  কমলপুৰক পৰাস্ত কৰি কেতেকীবাৰীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, বাহাৰুল ইছলাম , সতীশ ডেকা আৰু অমৰেন্দ্ৰ শৰ্মাই ।আজিৰ খেলখনৰ আৰম্ভণীতে বীৰদত্ত পঞ্চায়তৰ আঞ্চলিক সদস্য উমেশ ডেকাই খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। আনহাতে অহা ১৪ ছেপ্টেম্বৰৰ প্ৰথম কোৱাৰ্টাৰ ফাইনেলত কৰৰা ইয়ুথ এথলেটিকছ ক্লাবে জাৰকোনা জংগলী ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন হিমা দাসৰ

  ষ্টাফৰিপৰ্টাৰ, ১৮ আগষ্ট : স্বৰ্ণ কন্যা হিমা দাসে পুনৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *