Sunday , February 23 2020
Home / ক্ৰীড়া / খন্দিকৰ যুৱক সংঘৰ ফুটবলত হাবিবাৰী চেম্পিয়ন

খন্দিকৰ যুৱক সংঘৰ ফুটবলত হাবিবাৰী চেম্পিয়ন

*খন্দিকৰ যুৱক সংঘৰ ফুটবলত
হাবিবাৰী চেম্পিয়ন*

প্ৰতিবেদক, ৰঙিয়া , ২৯ অক্টোবৰ :
খন্দিকৰ যুৱক সংঘৰ উদ্যোগত স্থানীয় হাইস্কুল খেলপথাৰত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত আজি জাৰকোনা জংগলী ক্লাৱ আৰু হাবিবাৰী এফ চিৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয়।তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে প্ৰত্যাহ্বান জনায় যদিও নিৰ্ধাৰিত সময়ত ১—১ গ’লত সমাপ্ত হোৱাত টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰাত ৫—৩ গ’লৰ ব্যৱধানত হাবিবাৰী এফ চিয়ে জংগলী ক্লাৱক পৰাস্ত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে।তেওঁক লাইনত সহায় কৰে সতীশ ডেকা, বাহাৰুল ইছলাম আৰু অফিচিয়েল শ্ৰীকান্ত দাসে।ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী কৰাৰ উপৰি বটাঁ বিতৰণী অনুষ্ঠানত প্ৰাইজমানি প্ৰদান কৰে বিটিএডিৰ ইএম মহেশ্বৰ বসুমতাৰী, এবিএমছুৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, তালেবৰ ৰহমান সহ সতীৰ্থবৃন্দ প্ৰমূখ্যে কেইবাজনো ক্ৰীড়া সংগঠকে। আনহাতে বটাঁ বিতৰণী অনুষ্ঠানটি পৰিচালনা কৰাৰ লগতে প্ৰতিযোগিতা খনিৰ সফল ৰূপায়ন কৰাত অৰিহণা যোগাই আফজাল হুছেইন, নবী হুছেইনৰ লগতে খেল পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,২৭ নৱেম্বৰ।।। নেপালত ২২,২৩,২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা “নোবেল ইন্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ …

Leave a Reply

Your email address will not be published. Required fields are marked *