Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / খোৱাং মহাবিদ্যালয়ত ৰক্তদান শিবিৰঃ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ৰক্তদান

খোৱাং মহাবিদ্যালয়ত ৰক্তদান শিবিৰঃ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ৰক্তদান

খোৱাং, ১৪ জুনঃ বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে খোৱাং মহাবিদ্যালয়তো মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁ‌চনিৰ উদ্যোগত আৰু অসম মেডিকেল কলেজ ডিব্ৰুগড় ব্লাড বেংকৰ সহযোগত এক ৰক্তদান শিবিৰ আৰু সজাগতা সভা সম্পন্ন হয় । ৰক্তদান শিবিৰৰ পূৰ্বে মহাবিদ্যালয়খনিৰ সমূহ শিক্ষক গোট আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত ৰক্তদান সম্পৰ্কত এক সজাগতা সভা অনুস্থিত হয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিব্য নন্দ চেতিয়াই উদ্বোধন কৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম মেডিকেল কলেজৰ ডঃ জেৰিকা আহমেদ,ডঃ পূৰবী বৰা,ডঃ জ্যোতিবিকাশ শইকীয়া উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক ৰক্তদান সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায় । সজাগতা সভাৰ অন্তত ৰক্তদানৰ বাবে আয়োজন কৰা শিবি উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ লীনা বৰা কলিতাই । খোৱাং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁ‌চনি গোটৰ বিষয়া ড° ত্ৰৈলোক্য দিহিঙীয়াৰ তৎপৰতাত আজিৰ ৰক্তদান শিবিৰত মহাবিদ্যালয়ৰ মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকী প্ৰাক্তন ছাত্ৰৰ লগতে কেইবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰীয়ে ৰক্তদান কৰে । মহাবিদ্যালয়খনিৰ এনে প্ৰচেষ্টাত অঞ্চলটোৰ ৰাইজে শলাগ জনাইছে ।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *