Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়িলে সহস্ৰাধিক লোকে

গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়িলে সহস্ৰাধিক লোকে

 

*উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত আজি সমবেত হ’ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনে । প্ৰতিকূল বতৰকো নেওচি হাতত গছ, প্ৰকৃতি আৰু পক্ষীকূলৰ সুৰক্ষাৰ দাবীৰে বিভিন্ন শ্লোগানসম্বলিত বেনাৰ লৈ সকলোৱে হাতে হাত ধৰি গঢ়িলে দীঘলীয়া মানৱ শৃঙ্খল । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে স্বতঃস্ফুৰ্তভাৱে অংশ ল’লে প্ৰকৃতি সুৰক্ষাৰ এই অভিযানত । উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ’ব । কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান । ইয়াৰোপৰি উদ্যানখন শিশুৰ পৰা বয়োজেষ্ঠলৈ অঞ্চলটোৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজি সমবেত হোৱা সচেতন লোকসকলে দলং নিৰ্মাণৰ বাবে নতুনকৈ নক্সা অংকন কৰি হ’লেও এই বৃহৎ অঞ্চলটোৰ গছ-গছনি আৰু উদ্যানকেইখন সুৰক্ষিত কৰাৰ দাবী জনাইছে । লগতে চৰকাৰে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আজি সমবেত লোকসকলে দাবী জনায় ।

About Staff Reporter

চাব পাৰে

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

  ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *