Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গডৰেজ ইণ্টেৰিয়’ই এক নতুন ৰূপ দি বিপণী মুকলি কৰিলে

গডৰেজ ইণ্টেৰিয়’ই এক নতুন ৰূপ দি বিপণী মুকলি কৰিলে

গডৰেজ ইণ্টেৰিয়’ই এক নতুন ৰূপ বিপণী মুকলি কৰিলে

নতুন ৰূপ পোৱা বিপণীখনে গুৱাহাটীত সম্পূৰ্ণ কৰিলে ১০টা বছৰ

“বিপণীখনে গ্ৰাহকক হোম ফাৰ্নিচাৰ, মেট্ৰেচ আৰু হোম ষ্ট’ৰেজ শাখাত ভাৰতৰ বিভিন্ন ষ্টাইলৰ সৈতে গুনগতমানৰ সামগ্রী প্ৰদান কৰিবলৈ সক্ষম হৈছে”

ষ্টাফৰিপৰ্টাৰ,,,,৫ ফেব্ৰুৱাৰী।। ভাৰতৰ অগ্ৰণী ফাৰ্নিচাৰ ব্ৰেণ্ড গডৰেজ ইণ্টেৰিয়’ই ঘৰ আৰু অনুষ্ঠান দুয়োটা শাখাতে আচবাবৰ ক্ষেত্ৰত শীৰ্ষস্থান অক্ষুন্ন ৰাখি বৃহস্পতি বাৰে তেওঁলোকৰ গুৱাহাটীস্থিত শীৰ্ষ বিপণী এন জি মাৰ্চেইণ্টাইলক নতুন ৰূপ প্ৰদান কৰে। নতুন ৰূপ পোৱা এই বিপণী খনে গুৱাহাটীত ১০ বছৰ সম্পূৰ্ণ কৰিলে। গুৱাহাটীৰ জি এছ ৰোডৰ ‘ইটাগ প্লাজাত’ অৱস্থিত ৫০০০ বৰ্গফুটৰ এই বিপণী খন আজি এক সংবাদমেলযোগে পুনৰবাৰ অনুষ্ঠানিক ভাৱে মুকলি কৰে গডৰেজ ইণ্টেৰিয়’ৰ সঞ্চালন তথা ব্যৱসায়িক বিকাশ বিভাগৰ মুৰব্বী ব্ৰিজেশ শর্মাই। বিপণী খনক মুকলি কৰি তেওঁ কয়-“অসম আৰু মেগালয়ৰ বজাৰত গডৰেজ ইণ্টেৰিয়ই দৃঢ়তাৰ খোপনি পুতিবলৈ সক্ষম হৈছে। গুৱাহাটীত ১০ বছৰ সম্পূৰ্ণ কৰা শীৰ্ষৰ বিপণী এন জি মাৰ্চেণ্টাইলৰ পৰা আমি আগন্তুক দুবছৰত ১০ কোটি টকাৰ বাৰ্ষিক ৰাজহৰ আশা কৰিছো। ইণ্টেৰিয়ৰ গুৱাহাটী আৰু মেঘালয়ত ৩৩ শতাংশ বজাৰ অংশীদাৰীত্ব আছে। সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই বৰ্ষত আহৰণ কৰা ৭০ কোটি টকাৰ ২০ কোটি কেৱল গুৱাহাটীৰ পৰাই সংগ্ৰহ কৰা হৈছে। বিপণী খনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সম্প্ৰসাৰণে অধিক প্ৰতিদ্বন্দিতাৰে আমাৰ ব্ৰেণ্ডটোক সৱলীকৃত তথা ৰিটেইল ফাৰ্নিচাৰৰ বজাৰ খনৰ অভিজ্ঞতা সমৃদ্ধ কৰিব”। তেওঁ লগতে কয়”-গডৰেজ ইণ্টেৰিয়’ই শেহতীয়াকৈ আগৰতলাত ৬০০০ বৰ্গফুটৰ এখন বিপণী মুকলি কৰিছে আৰু ইটানগৰত ৫০০০ বৰ্গফুটৰ এখন বিপণী মুকলি কৰাৰো পৰিকল্পনা কৰিছে”। উল্লেখযোগ্য যে, বিপণী খনৰ মুকলিৰ সৈতে গডৰেজ ইণ্টেৰিয়’ই মেক স্পেচ ফ’ৰ লাইফ শীৰ্ষক এক নতুন শিবিৰৰো আয়োজন কৰিছে।

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *