Sunday , February 23 2020
Home / মহানগৰ / গণৰাজ্য দিৱসৰ দিনা “সংবিধান সুৰক্ষা দিৱস” পালন

গণৰাজ্য দিৱসৰ দিনা “সংবিধান সুৰক্ষা দিৱস” পালন

 

চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে—ড০ হীৰেন গোহাঁই

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : “কেন্দ্ৰত শাসনাধি ষ্ঠিত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰখনে ভাৰতৰ সংবিধানৰ প্ৰতি গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে–এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি ড০ হীৰেন গোঁহাইয়ে।গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীত সংবিধান গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সমিতিৰ উদ্যোগত আয়োজন কৰা
“সংবিধান সুৰক্ষা দিৱস’ ৰ সভাৰ উদ্দেশ্য বাখ্যা কৰি বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে লগতে কয় ” চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে। তদুপৰি চৰকাৰ খনে এটাৰ পাছত এটাকৈ অনেক সাংবিধানিক অনুষ্ঠান ধংস কৰিছে। সেয়ে আমি সংবিধান সুৰক্ষা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। ” সভাত সংবিধান, গণতন্ত্ৰ, নাগৰিক, অধিকাৰ, ধৰ্মনিৰপেক্ষতা আদি বিষয়ত বাখ্যা দাঙি ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে ” আমাৰ সংবিধান স্ৰষ্টা সকলে ভাৰতৰ সংবিধান যি ধৰণে বিতং আলাপ আৰু আলোচনাৰ মাজেৰে দাঙি ধৰিছিল তাৰ বাখ্যা দাঙি ধৰে। লগতে সাম্প্ৰতিক সময়ত ন্যায়পালিকাই সংবিধান খনৰ মৰ্য্যদা ৰক্ষাৰ ক্ষেত্ৰত যথাৰ্থ ভূমিকা পালন কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা অৰূপ বৰবৰাই ” স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ” শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয়” মোডী চৰকাৰে গণতন্ত্ৰৰ দোহাই দি
স্বৈৰতন্ত্ৰৰাজ প্ৰতিষ্ঠা কৰিছে। চি বি আই, ইউ জি চি, নিৰ্বাচন আয়োগ আদি সংস্থা বোৰৰ স্বতন্ত্ৰতা বিনষ্ট কৰি পেলাইছে। গৌৰী লংকেশ আদিক ভেৰণীয়া গুণ্ডাৰ দ্বাৰা হত্যা কৰাই বিচাৰৰ নামত প্ৰহসন কৰিছে। অখিল গগৈৰ দৰে সংগ্ৰামী নেতাক ভুৱা গোচৰত আটক কৰি নিয়াৰ হাতত অৰ্পণ কৰি জেলত বন্দী কৰি থৈছে।” তেওঁ লগতে ৰাইজক চৰকাৰৰ এই স্বৈৰতন্ত্ৰী, দমনমূলক কাৰ্য পন্থা প্ৰতিহত কৰাৰ আহ্বান জনায়। এই সভাত বামপন্থী নেতা হেমেন দাস, মুনিন মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ আহমেদ ৰচিদ চৌধুৰী, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আদিয়ে বক্তব্য আগবঢ়ায়। সভাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে বিশিষ্ট নাগৰিক হলিৰাম তেৰাংএ। সভাত সমবেত ৰাইজক সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰায় সমিতিৰ সমন্বয়ক দেবেন তামুলীয়ে। সভাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে। আনহাতে জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে ক্ৰমে হুমায়ুন চৌধুৰী আৰু জিতুমনি আদি শিল্পীয়ে।

About Staff Reporter

চাব পাৰে

স্বচ্ছতা-১০১ “শীর্ষক মুকাভিনয় নাট

  ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : সমলয়ৰ উদ্যোগত “স্বচ্ছতা” শিৰোনামৰে এখন মূকাভিনয়িক নাট অসমৰ বিভিন্ন ঠাইত …

Leave a Reply

Your email address will not be published. Required fields are marked *