Sunday , April 5 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গল্ড ষ্টেইণ্ডর্ডসহ সুৰক্ষা,ডিজাইন প্ৰযুক্তি আৰু ড্ৰাইভিং অভিজ্ঞতাক এক নতুন মাত্ৰা দিয়াৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল নতুন হেটচ-এলট্ৰজ

গল্ড ষ্টেইণ্ডর্ডসহ সুৰক্ষা,ডিজাইন প্ৰযুক্তি আৰু ড্ৰাইভিং অভিজ্ঞতাক এক নতুন মাত্ৰা দিয়াৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল নতুন হেটচ-এলট্ৰজ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,,২৭ জানুৱাৰী।। প্ৰিমিয়াম হেটচবেক শাখাত অৱতৰণ কৰি টাটা মটৰছে সোমবাৰে মুকলি কৰে দ্য এলট্ৰজা এলট্ৰজ। নতুন আলফা আৰ্কিটেক্টছাৰত নিৰ্মিত এইখন প্ৰথম আৰু ইম্পেক্ট ২.০ ডিজাইন লেংগুৱেজ প্ৰদৰ্শন কৰা এইখন দ্বিতীয় বাহন। এলট্ৰজ পাঁচটা ট্ৰিম স্তৰত টাটা মটৰছৰ অথ’ৰাইজড লিডাৰশ্বিপত আৰম্ভণি দৰ ৫.২৯ লাখত পেট্ৰল আৰু ৬.৯৯ লাখত ডিজেল কাৰ উপলব্ধ হ’ব। আজি গুৱাহাটীস্থিত খানাপাৰাত এক সংবাদমেলযোগে এই গাড়ী খন মুকলি কৰি টাটা মটৰছৰ পেছেঞ্জাৰ ফেহিকল বিজনেছ শাখাৰ মুখ্য বিবেক শ্ৰীবাৎস্যই কয়-“এলট্ৰজ এনে এক সামগ্ৰী যাক লৈ আমি গৌৰৱ অনুভৱ কৰো কাৰণ ই টাটাৰ তথা ভাৰতীয় বাহনৰ শাখাত গ্লোৱেল এনচিএপি ৫-ষ্টাৰ ৰেটিঙ লাভ কৰা দ্বিতীয় কাৰ। ই এক মাইলৰ খুটি উৎপাদন তথা সুৰক্ষা, ডিজাইন, ড্ৰাইভিং ডায়নেমিকছ, প্ৰযুক্তি আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ক্ষেত্ৰত গল্ড মানদণ্ডৰ সঠিক প্ৰতিনিধি”। উল্লেখযোগ্য যে, গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে এলট্ৰজ আহিব ৬টা বেলেগ বেলেগ ফেক্টৰী ফেটেড কষ্টমাইজেবল বিকল্পতা।

About Staff Reporter

চাব পাৰে

টেলী ই আৰ পি ৯ ৰিলিজ ৬.৬ উন্মোচন

  ষ্টাফৰিপোৰ্টাৰ, ৪ মাৰ্চ:: ব্যৱসায় ব্যবস্থাপনা নিয়ামক টেলী ছলিউছনে বুধবাৰে ইয়াৰ শেহতীয়া টেলী ই আৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *