Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / গান্ধী মণ্ডপত ২ অক্টোবৰ উৰিব ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা

গান্ধী মণ্ডপত ২ অক্টোবৰ উৰিব ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা

দীপাঞ্জলি ডেকা : ৰাজধানী মহানগৰী গুৱাহাটীত পূৰ্ণ গতিত চলি আছে এখন বৃহৎ পতাকা উৰুৱাৰ কাম। মংগল বাৰে গান্ধী মণ্ডপত হঠাতে পতাকা খন দেখা পোৱা গল। ৩০০ ফুট উচ্চতাৰ এই ৰাষ্ট্ৰীয় পতাকা খন ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা অনুষ্ঠানিক ভাবে উত্তোলন কৰা হ’ব । গান্ধী মণ্ডপত মংগল বাৰে উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰে। এইখন হ’ল দেশৰ তৃতীয় বৃহৎ উচ্চতাৰ পতাকা। উল্লেখ দেশৰ সৰ্বোচ্চ উচ্চতাত উৰা পতাকা খন আছে ভাৰত পাকিস্তান সীমান্তৰ আট্টাৰিত যাৰ উচ্চতা ৩৬০ ফুট আৰু দ্বিতীয় সৰ্বোচ্চ পতাকাখন আছে মহাৰাষ্ট্ৰৰ কোলাহপুৰত যাৰ উচ্চতা হৈছে ৩০৩ ফুট। স্মাৰ্ট চিটি নিৰ্মাণৰ অংশ স্বৰূপে কৰা এই পতাকা খনৰ কামে সৰ্বসাধাৰণৰ  দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে গান্ধী জয়ন্তী লৈ।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *