Tuesday , February 19 2019
Home / ৰাজনীতি / গালি-গালাজ কৰিয়ে পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে বিজেপিয়ে— তৰুণ গগৈ

গালি-গালাজ কৰিয়ে পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে বিজেপিয়ে— তৰুণ গগৈ

 

ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, “গালি-গালাজ কৰিয়ে পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে বিজেপিয়ে। অগপ-বিজেপিৰ গালাগালি নাটক নে কি পিছতহে গম পোৱা যাব– সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। বিজেপিক চোকা সমালোচনা কৰি প্ৰান্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – “সুবিধাবাদীসকলে এতিয়া নীতিৰ কথা কয় বিজেপিত। বিজেপি আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল। হিমন্ত বিশ্বৰ পইচা আছে কাৰণেই এন ই ডি এ ৰ সভাপতি পাতি দিছে ।
‘হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সপোন হৈয়ে ৰ’ব’। অসমৰ ৰাজনীতিক আটাইতকৈ কলুষিত কৰা ব্যক্তিজনেই হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিজেপিৰ এক নম্বৰ কোন, দুই নম্বৰ কোন ধৰিব পৰা নাই। হিমন্ত বিশ্বহে এতিয়া এক নম্বৰ যেন লাগে, দুই নম্বৰত সৰ্বানন্দ।” আনহাতে, বগীবিল দলঙত বাজপেয়ীৰ অৱদান ক’ত বুলিও প্ৰশ্ন উত্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।‍
বদৰুদ্দিন আছে কাৰণেই বিজেপি আছে, বিজেপি আছে কাৰণেই বদৰুদ্দিন আছে। আজমল আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সংবাদমেলত মন্তব্য তৰুণ গগৈৰ। অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ তীব্ৰ বিৰোধিতা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপিয়ে জলসম্পদ বিভাগৰ ভূমি দখলত নামিছে বুলিও সংবাদমেলত অভিযোগ তৰুণ গগৈৰ।‍
সৰ্বানন্দ সোণোৱালৰ প্ৰতি মোৰ অলপ মৰম আছে, মোক কেতিয়াও বিশ্বাসঘাতকতা কৰা নাই। কিন্তু হিমন্ত বিশ্বৰ প্ৰকৃত স্বৰূপ উলিয়াই দিম। সংবাদমেলত মন্তব্য তৰুণ গগৈৰ।

About Staff Reporter

চাব পাৰে

বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস কৰে—ৰঞ্জিত দাস

  ষ্টাফৰিপৰ্টাৰ, ১৩ ফেব্ৰুৱাৰী, বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস কৰে। বিজেপিৰ যি প্ৰতিশ্ৰুতি আছিল ভাৰতত শৰণাৰ্থীসকলক মৰ্যাদা …

Leave a Reply

Your email address will not be published. Required fields are marked *