Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গাড়ী চুৰি সৈতে জড়িত জাতীয় সংগঠনৰ নেতা

গাড়ী চুৰি সৈতে জড়িত জাতীয় সংগঠনৰ নেতা

গাড়ী চুৰি সৈতে জড়িত জাতীয় সংগঠনৰ নেতা : গোলাঘাট ,১৭ মে’ : আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপমণি গগৈ দীৰ্ঘ দিনৰে পৰা গাড়ী চুৰি ঘটনাত জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গোলাঘাট ৰ জোনাকী নগৰত তেওঁৰ ঘৰৰ পৰা আৰক্ষীয়ে এখন চুৰি স্কুটীও উদ্ধাৰ কৰিবলৈ সক্ষম হ’য়। তেওঁৰ লগতে আৰু তিনিজনকৈ গাড়ী চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত কেইজন হৈছে যোৰহাটৰ দীপক শইকীয়া, শালিকীহাটৰ জয়ন্ত বৰা আৰু উদয় শইকীয়া। দীৰ্ঘদিন ধৰি গোলাঘাটৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বাইক চুৰি কৰি নগালেণ্ডত বিক্ৰী কৰি অহা বুলি স্বীকাৰ কৰিছে আটাইকেইজন অপৰাধীয়ে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *