Thursday , February 27 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত অডিৰ নতুন এ৬ গাড়ী মুকলি

গুৱাহাটীত অডিৰ নতুন এ৬ গাড়ী মুকলি

 

“অ’ডিৰ লগত মই বিগত দহ বছৰৰ পৰা জড়িত- বাইচুং ভূতিয়া”

ষ্টাফ ৰিপ’ৰ্টাৰ।।, ১৫ নৱেম্বৰ : বিলাসী গাড়ী নির্মাতা জাৰ্মানী উদ্যোগ অ’ডিয়ে শুকুৰবাৰে গুৱাহাটীত নতুন এ৬ গাড়ী মুকলি কৰে। ১৮০ কিলোৱাট (২৪৫ হৰ্চপাৱাৰ) আৰু ৩৭০ এন এম টর্কৰ সৈতে ২.০ লিটাৰ টিএফএছআই ইঞ্জিন আৰু ৬.৮ ছেকেণ্ডত ০.১০০ কিলোমিটাৰ প্ৰতি ঘন্টাত গতি কৰিব পৰা এই নতুন মডেল আকৰ্ষণীয় মূল্যত গ্ৰাহকলৈ আগবঢ়োৱা হৈছে। সম্পূৰ্ণৰূপে সংযোজিত, আৰামদায়ক, স্প’ৰ্টি তথা নান্দনিক অ’ডি এ৬ টিএফএছআই ৫৪,২০,ooo টকা মূল্যৰ পৰা আৰম্ভ কৰি বজাৰত মুকলি কৰা হৈছে। গাড়ীখন মুকলি সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেল যোগে
অ’ডি গুৱাহাটীৰ ডীলাৰ মূৰব্বী পুলক গোস্বামীয়ে কয়”-গুৱাহাটীত নতুন অ’ডি এ৬ মুকলি কৰিবলৈ পাই আমি অতি সুখী অনুভৱ কৰিছোঁ”।সংবাদমেলত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ফুটবল তাৰকা,অ’ডিৰ ব্রেণ্ড এম্বাচাদৰ পদ্মশ্ৰী বাইচুং ভূতিয়াই এই সন্দৰ্ভত কয়”-মই অ’ডিৰ লগত বিগত ১০ বছৰৰ পৰা সহযোগিতা কৰি আহিছো। মই অ’ডিৰ অনুৰাগী।অ’ডিৰ গাড়ীবোৰ আৰামদায়ক হয়।এই নতুন অ’ডি এ৬ খনো সকলো ধৰণৰ সুবিধাযুক্ত আৰু আৰামদায়ক ।গতিকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা কৰাৰ বাবে অ’ডি ৬ উপযোগী গাড়ী হিচাপে বিবেচিত হ’ব বুলি মই নিশ্চিত”। উল্লেখযোগ্য যে,এই নতুন অ’ডি এ৬ গাড়ীখন আৰামদায়ক তথা অ’ডিৰ বি এছ-৬ মডেলযুক্ত প্রথমখন গাড়ী হিচাপে বিবেচিত হৈছে। নতুন অ’ডি এ৬ আৰু ২০২০ চনত অন্যান্য মডেল মুকলিৰ জৰিয়তে অ’ডি ইণ্ডিয়াই ভাৰতত নিজৰ বজাৰ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

About Staff Reporter

চাব পাৰে

গল্ড ষ্টেইণ্ডর্ডসহ সুৰক্ষা,ডিজাইন প্ৰযুক্তি আৰু ড্ৰাইভিং অভিজ্ঞতাক এক নতুন মাত্ৰা দিয়াৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল নতুন হেটচ-এলট্ৰজ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,,২৭ জানুৱাৰী।। প্ৰিমিয়াম হেটচবেক শাখাত অৱতৰণ কৰি টাটা মটৰছে সোমবাৰে মুকলি কৰে দ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *