Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত ইয়েৰ   ছলুশ্যনৰ বেষ্টছাউণ্ড  চেণ্টাৰ মুকলি

গুৱাহাটীত ইয়েৰ   ছলুশ্যনৰ বেষ্টছাউণ্ড  চেণ্টাৰ মুকলি

 

 

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ জুলাই।।। দেশৰ ৬ শতাংশ লোকেই কম বেছি পৰিমাণে শ্ৰৱণহীনতাত ভোগে। বংশগতভাৱে, আধুনিক জীৱনশৈলী, উচ্চ প্ৰাবল্যৰ শব্দ শুনাৰ লগতে উচ্চ প্ৰাবল্যত সংগীত আৰু ইয়াৰ ফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত মানুহে শ্ৰৱণশক্তি হেৰুৱাব পাৰে- ভঙাগড়ৰ ইয়েৰ ছলুশ্যনৰ বেষ্টছাউণ্ড চেণ্টাৰ মুকলি কৰি এনেদৰে কয় শিৱান্তোষ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ পাৱাৰে। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কেন্দ্ৰ মুকলি কৰি অবিনাশ পাৱাৰে লগতে কয়-“ভঙাগড়ৰ প্ৰাগ প্লাজাত উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমটো বেষ্টচাউণ্ড চেণ্টাৰ মুকলিৰ জৰিয়তে পিঅ’ৰ ট’ন, অডিঅ’মিষ্ট্রী, টাইম্পেন’ মিষ্ট্রি , অ’.এ. ই., বি.ই আৰ.এ-ৰ দৰে পূৰ্ণাংগ অডিঅ’.- ভেষ্টিকুলাৰ সেৱাৰ লগতে হিয়েৰিং এইড ট্ৰায়েল এণ্ড ফিটিং , হিয়েৰিং এইড প্ৰগ্ৰেমিং, ছাৰ্ভিচিং, স্পেয়াৰ্চ এণ্ড এক্সেছ’ৰিছ, স্পীচ থেৰাপি আদিৰ সুবিধা আগবঢ়োৱা হ’ব”। সংবাদমেলত ইয়েৰ ছালুশ্যনছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক বিশ্বজিৎ বিষ্ণুৱে কয়”-এই চেণ্টাৰত অৰ্হতাসম্পন্ন অডিঅ’লজিষ্টে ৰোগৰ লক্ষণ, কাৰণ, পৰীক্ষা, আৰু নিৰাময়ৰ লগতে আগলৈ শ্ৰৱণহীনতা যাতে বৃদ্ধি নাপায় সেই দিশত সহায় আগবঢ়াব”। সংবাদমেলত মিচ ইণ্ডিয়া ডীফ (২০১৮) নিষ্ঠা দুবেজা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

About Staff Reporter

চাব পাৰে

গুৱাহাটীৰ চিটি চেণ্টাৰত মুকলি হ’ল এড হাৰ্ডি, ফ্লায়িং মেচিন আৰু ইউ এছ প’ল’ৰ নতুন বিপনী

  ষ্টাফৰিপৰ্টাৰ,১৪ জুন, ভাৰতত খুচুৰা আৰু ফেশ্বন উদ্যোগটোক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা …

Leave a Reply

Your email address will not be published. Required fields are marked *