Friday , December 13 2019
শেহতীয়া খবৰ
Home / ফেশ্যন / গুৱাহাটীত উপস্থিত ব্লেণ্ডাৰ্চ মেজিকেল নাইট্ছ্ ২০১৯

গুৱাহাটীত উপস্থিত ব্লেণ্ডাৰ্চ মেজিকেল নাইট্ছ্ ২০১৯

 

ষ্টাফৰিপোৰ্টাৰ,,,১৩ এপ্ৰিল।।।।গুৱাহাটী মহানগৰীত আহি পালে বহু প্ৰত্যাশিত ব্লেণ্ডাৰ্চ প্ৰাইড ফেশ্বন ট‍্যুৰৰ ৰূপত ব্ৰেণ্ডাৰ্চ
মেজিকেল নাইটছ্ ২০১৯। নতুন ধাৰণাৰে আৰম্ভ হোৱা এই “প্রাইড’ শীৰ্ষক ট‍্যুৰৰ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত শুকুৰবাৰে ষ্টাইল আৰু প্ৰতিপত্তিৰে আলোড়িত হয়। বিশিষ্ট ডিজাইনাৰ বৰুণ বেহেলৰ উৎকৃষ্ট ডিজাইন আৰু লগতে পল্লৱী মোহনৰ সহযোগিতাৰে গঢ়ি তোলা উত্তম পোছাক পৰিধান কৰি দৰ্শকৰ মন মুহিলে শ্ব’ ষ্টপাৰ তথা বলীউড অভিনেত্ৰী ছান্যা মালহোট্ৰাই । কেৱল সাফল্যৰ পৰম্পৰাগত ধাৰণাৰ পৰা আঁতৰি ব্ৰেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছ ২০১৯ “প্ৰাইড’ক ব্যক্তিত্বৰ এক কৃতিত্ব অন্তভাৱনা বুলি বিবেচিত কৰে। এই সন্দৰ্ভত পাৰ্ণ’ড ৰিচাৰ্ড ইণ্ডিয়াৰ সহকাৰী উপাধ্যক্ষ ৰাজা বেনাৰ্জীয়ে কয় “বৰ্তমান গ্ৰহকসকলৰ বাবে ব্যতিক্ৰমী শৈলী তথা ইয়াৰ প্ৰতিফলন হৈছে আপোচবিহীন বিষয়। ধনাত্মক গৌৰৱৰ শক্তিশালী ধাৰণাৰে সৃষ্টি হোৱা ব্যক্তি বৰ্তমান সাফল্য অর্জন কৰিবলৈ আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁলোকৰ সৃষ্টিক মেজিকেল নাইটছে প্ৰাণৱন্ত ৰূপত কঢ়িয়াই আনিব”। আনহাতে, ৰেডি টু ৱেৰ, ক’ৰ্ডিনেটছ দ্য মডাৰ্ণ ইণ্ডিয়ান ৱমেন আদিৰ সংগ্ৰহ প্ৰদৰ্শন কৰি এই সন্দৰ্ভত ডিজাইনাৰ বৰুণ বেহেলে কয়-” বৰ্তমান শৈলীৰ নানা দিশ আছে। ব্লেণ্ডাৰ্চ প্ৰাইভ নাইটত মই বৰ্তমানৰ স্থানত কিদৰে উপনীত হ’লো সেয়া ব্যক্ত কৰিবলৈ মই অতিকে গর্ববোধ কৰোঁ। ইয়াৰ লগত জড়িত হোৱাটো সন্মানৰ কথা”। আনপিনে,”মাই আইডেন্টটিটি মাই প্ৰাইড” শীৰ্ষক অবিৰত কাহিনীৰে প্ৰাচ্যতৰ সংবেদনশীলতাৰ সংস্পৰ্শত ভাৰতীয় প্ৰকৃতিৰে তৈয়াৰী সংগ্ৰহ প্ৰদৰ্শন কৰে পল্লৱী মোহনে।

About Staff Reporter

চাব পাৰে

মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকানন্দ ক্ষেত্ৰিমায়ুমে

  ষ্টাফ ৰিপোৰ্টাৰ,,,, ১৩ জুলাই।।। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৮ আগষ্টত অনুষ্ঠিত হোৱা দশম গাৰ্ণিয়াৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *