Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / গুৱাহাটীত কাৰাটেৰ দুদিনীয়া চেমিনাৰ

গুৱাহাটীত কাৰাটেৰ দুদিনীয়া চেমিনাৰ

 

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, অল ষ্টাইল কাৰাটে-ডো এচোচিয়েছন(আছকা)ৰ উদ্যোগত মহানগৰীত আজি আৰু ২৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে ১৩ সংখ্যক অল আছাম উডো কাই (Wodo Kai) কাৰাটে চেমিনাৰৰ আয়োজন কৰা হৈছে৷ মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই কৰ্মশালাত মুখ্য পৰিচালক তথা ৰূপে উপস্থিত থাকিব চেন্নাইৰ চেনচাই এচ্ ডনাল্ড টাইছনে(ষষ্ঠ ডান ব্লেক বেল্ট)৷ দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই চেমিনাৰত উত্তৰ পূবৰ উডো কাই কাৰাটেৰ মুখ্য প্ৰশিক্ষক চেনচাই বাবলা জামালে(৫ম ডান ব্লেক বেল্ট)ও অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা অল আছাম উডো কাই কাৰাটে-ডো এচোচিয়েছনৰ প্ৰচাৰ সম্পাদক নজমূল হকে জনাইছে ৷ এই চেমিনাৰ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব৷

About Staff Reporter

চাব পাৰে

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত ৰামপুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্ৰতিবেদক, ৰঙিয়া , ৮ ছেপ্টেম্বৰ : …

Leave a Reply

Your email address will not be published. Required fields are marked *