Wednesday , January 29 2020
Home / মহানগৰ / গুৱাহাটীত কৰ্ডিঅ’ভাচকুলৰ ৰোগক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

গুৱাহাটীত কৰ্ডিঅ’ভাচকুলৰ ৰোগক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

 

ষ্টাফৰিপৰ্টাৰ ২৬ ছেপ্টেম্বৰ : সুস্হ হৃদ যন্ত্ৰৰ অধিকাৰী হ’বলৈ সুস্থ জীৱন শৈলীৰ প্ৰয়োজন। বিশ্ব হৃদ দিৱস পালনৰ মূল উদ্দেশ্য হৈছে সৰ্বসাধাৰণ মাজত হৃদদযন্ত্ৰৰ সুৰক্ষা, সুস্থ হৃদদযন্ত্ৰৰ অধিৰাকী হৈ থাকিবলৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা- এইদৰে কয় এক্সেল কেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা মুৰব্বী আৰু চি এছ আই কাৰ্ডিক প্ৰিভেণ্ট চাব স্পেচিয়েলিতি কাউন্সিলৰ ৰাষ্ট্রীয় আহ্বায়ক ডাঃ নীল বৰদলৈয়ে। বিশ্ব হৃদ দিৱস পালনৰ বাবে চতুৰ্থ চি এছ আই কাৰ্ডিক প্ৰিভেণ্ট ২০১৯ আৰু কাৰ্ডিঅলজি ছচাইটি অৱ ইণ্ডিয়া ( উত্তৰ পূব শাখা)ৰ উদ্যোগত বৃহস্পতি বাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগেডাঃ নীল বৰদলৈয়ে লগতে কয় “এইবাৰ ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস “মেক এ প্ৰমিছ টু বি এক্টিভ, ইত এ হেল্ডি ডায়েট এণ্ড এভইড শ্মকিং এণ্ড তবেকো” বিষয় লৈ পালন কৰা হ’ব। আমেৰিকা আদি দেশত চিগাৰেটৰ মূল্য অধিক বৃদ্ধি কৰাৰ ফলত সৰ্বসাধাৰণে কিনিব নোৱাৰে। আমাৰ দেশত এতিয়াও সৰ্বসাধাৰণে কিনিব পৰা মূল্যতে আছে চিগাৰেটৰ দাম। লগতে ফাষ্ট ফুড পৰিহাৰ কৰিব লাগে। ১৯৯০ চনৰ পৰা হৃদ ৰোগ ৫০ শতাংশ বৃদ্ধি পাইছে।” সংবাদমেল যোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্ডিঅলজি বিভাগৰ সহযোগি অধ্যাপক ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্যই কয় ” কৰ্ডিঅ’ভাচকুলৰ ৰোগক লৈ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত ১৮ অক্টোবৰৰ পৰা তিনিদিনীয়া এখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনত কৰ্ডিঅ’ভাচকুলৰ ৰোগক লৈ বিভিন্ন আলোচনা, মতবিনিময় অনুষ্ঠান, কৰ্মশালা আদি অনুষ্ঠিত হ’ব। এই সন্মিলনত ৬০০ গৰাকী প্ৰতিনিধি, ফেকাল্টি আদি উপস্থিত থাকিব। দক্ষিণ আফ্ৰিকা, নেডাৰলেল্ড, ভুটান, নেপাল, বাংলাদেশ আদিৰ প্ৰতিনিধি উপস্থিত থাকিব।” সংবাদমেলত বিশেষজ্ঞ চিকিৎসক ডাঃ ঋতুপৰ্ন বৰুৱা, ডাঃ কমল নাহতা উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

  ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *