Tuesday , February 19 2019
Home / আঞ্চলিক / গুৱাহাটীত বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী

গুৱাহাটীত বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী

দীপাঞ্জলি ডেকা : গুৱাহাটীত শনিবাৰে উপস্থিত হল বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী। আশীৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে শনিবাৰে প্ৰাগজ্যোতি সংস্কৃতিক প্ৰকল্পত ড্ৰীম প্ৰডাকচনএ আয়োজন কৰা প্ৰডাকচনএ আয়োজন কৰা মিছ ড্ৰীম গার্ল ২০১৮ (এক সপোন সুন্দৰীৰ সন্ধানত) ৰ চূড়ান্ত প্ৰতিযোগিতা খনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত প্ৰায় ২০০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে আৰু তাৰ পৰা নিৰ্বাচিত মুঠ ১০গৰাকী প্ৰতিযোগী ৰ মাজত চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।১০গৰাকী প্ৰতিযোগীৰ ৰেম্পৱাক, অভিনয় আৰু নৃত্য পৰিবেশন ৰ মাজৰ পৰা তিনি গৰাকীযে বিজয়ীৰ খিতাপ লাভ কৰে। তেওঁলোকে এক লাখ টকাৰ নগদ ধন আৰু ড্ৰীম প্ৰডাকচনৰ পৰৱৰ্তী চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰিব । প্ৰতিযোগিতা খনত বিচাৰকৰ আসন শুৱনি কৰে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ, বিশিষ্ট অভিনেতা যতীন বৰা, সাংবাদিক দেৱজিত ভূঞা আৰু অমৃতা দত্ত।
প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতা খনত নাহিদ আফ্ৰিন ৰ লগতে বহু শিল্পীয়ে পদ্মিনী কোলাহপুৰীৰ জনপ্ৰিয় গীতত নৃত্য, মেজিক শ্ব’, মাইম শ্ব পৰিবেশন কৰে। আনহাতে জনপ্ৰিয় অভিনেত্ৰী পদ্মিনী কোলাহপুৰীযে গীত পৰিৱেশন কৰাৰ লগতে ড্ৰীম প্ৰডাকচনৰ নৱেম্বৰ মাহত মুক্তি লাভ কৰিব লগীয়া চলচ্চিত্ৰ
“ককাইদেউ বিন্দাচ”ৰ ট্ৰেইলৰ মুকলি কৰে। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠ শিল্পী পদ্মিনী কোলহাপুৰীযে ১৫বছৰ বয়সতে  ফিল্ম ফেয়াৰ এবাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি “প্ৰেম ৰোগ “(১৯৮৩) চলচিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্ম ফেয়াৰ এবাৰ্ড লাত কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত জ্যোতি চিত্ৰাৱনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জনপ্ৰিয় অভিনেত্ৰী পদ্মিনী কোলাহপুৰীযে ক”লে — ” অসমত যথেষ্ট প্ৰতিভা আছে। অসমলৈ তৃতীয় বাৰৰ বাবে আহিছো। অসমত এখন নাটক কৰাৰ পৰিকল্পনা কৰিছোঁ।”

About Staff Reporter

চাব পাৰে

গুৱাহাটীৰ গ্ৰীণউড ৰিজৰ্টত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জনীতা গান্ধীৰ অনুষ্ঠানৰ মুহূৰ্ত

Leave a Reply

Your email address will not be published. Required fields are marked *