Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত বিসৰ্জন দিয়া হ’ল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম

গুৱাহাটীত বিসৰ্জন দিয়া হ’ল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম

ষ্টাফৰিপোৰ্টাৰ, ২৩ আগষ্ট  গুৱাহাটীৰ কাছমাৰী ঘাটত অস্থি বিসৰ্জন দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ লগতে ডিব্ৰুগড়, ধুবুৰী আৰু শিলচৰতো বিসৰ্জন দিয়া হ’ব বাজপেয়ীৰ চিতাভস্ম। বৰ্তমান ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছে চিতাভস্ম। কিছু সময় পিছতে নিয়া হ’য় কাৰ্বি যুৱ সংঘৰ খেলপথাৰলৈ। দিনৰ ১ বজালৈ গুণমুগ্ধসকলে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। দিনৰ ২.৩০ বজাত কাছমাৰী ঘাটলৈ নিয়া হ’য় বাজপেয়ীৰ চিতাভস্ম আৰু বিয়লি ৫ বজালৈ জনোৱা হ’য় শ্ৰদ্ধাঞ্জলি। মুখ্যমন্ত্ৰী, মন্ত্ৰী, দলীয় নেতাৰ লগতে বিশিষ্ট ব্যক্তিসকলেও জনায়  শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলিৰ পিছতে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’য় চিতাভষ্ম। পুৱা ৭ বজাত ৰাজ্যিক বিজেপিৰ কাৰ্য্যলয়ত  সভাপতি ৰণজিৎ দাসৰ হাতৰ পৰা গ্ৰহণ কৰি জনপ্ৰিয় নেতা গৰাকীৰ অস্থি ক্ৰমে..
ডিব্ৰুগড়ৰ লৈ যাব মন্ত্ৰী তপন কুমাৰ গগৈ আৰু
ডিব্ৰুগড়ত অস্থি গ্ৰহণ কৰি বিসৰ্জনত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।
শিলচৰত অটলজীৰ অস্থি লৈ যায় মন্ত্ৰী ৰঞ্জিত দত্ত,মন্ত্ৰী চুমুং ৰংহাং,মন্ত্ৰী পৰিমল শুক্লবদ্যই ।
তাত গ্ৰহণ কৰিব আৰু বিসৰ্জনত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্ল বৈদ্য,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকাস্থই।
ধুবুৰীৰ বাবে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ অস্থি লৈ যায় মন্ত্ৰী ভবেশ কলিতা  আৰু পালিত বৰা ই। তাত গ্ৰহণ কৰে আৰু বিসৰ্জন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম  আৰু মন্ত্ৰী ফণীভুষন চৌধৰী।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *