Sunday , April 5 2020
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটীত ‘ভিআইপি লাউঞ্জ মুকলি

গুৱাহাটীত ‘ভিআইপি লাউঞ্জ মুকলি

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,১৭ জানুৱাৰী।। ভিআইপি ইণ্ডাষ্ট্ৰি লিমিটেডে শুকুৰবাৰে গুৱাহাটীৰ লাচিত নগৰস্থিত হনুমান মন্দিৰৰ সমীপত এক এক্সক্লুচিভ শ্ব’ৰূম’ ‘ভিআইপি লাউঞ্জ’ অনুষ্ঠানিকভাৱে মুকলি কৰে। সম্পূৰ্ণ নতুনত্বৰ সংযোজন ঘটোৱা এই শ্ব’ৰূমটোত ভি আই পিত অত্যাধুনিক ট্ৰলি, হেণ্ড বেগ, লাগেজ, ভি আই পি বেগ, স্কাই বেগ, বেগপেকচ্ কেপ্ৰেচ আদিকে ধৰি বিভিন্ন ধৰণৰ লাগেজ উপলব্ধ হ’ব। এক অনুষ্ঠানৰ জৰিয়তে উক্ত শ্ব’ৰূমটো মুকলি কৰি প্ৰাক্তন বিধায়ক দীপেন পাঠকে কয়”-আজি এই শ্ব’ৰূমটো অনুষ্ঠানিক ভাৱে মুকলি কৰিব পাই নথৈ আনন্দিত হৈছো। ভি আই পি ব্ৰেণ্ডটো ভাৰতৰ এক লেখত লবলগীয়া ব্ৰেণ্ড। মানুহৰ মুখে মুখে ভি আই পি নামটো থাকে। মই এই শ্ব’ৰূটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। উল্লেখযোগ্য যে,ভিআইপি য়ে উত্তৰ পূৱৰ বজাৰ দখল কৰাৰ বাবে আৰু গ্ৰাহক সকলক উন্নত মানদণ্ডৰ লাগেজ প্ৰদানৰ উদ্দেশ্যে ২০০তকৈ অধিক মা মাল্টিব্ৰেণ্ড বিক্রেতাৰ সৈতে কাম কৰি গৈছে আৰু ভৱিষ্যতে গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ ভিআইপি লাউঞ্জা মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে।

About Staff Reporter

চাব পাৰে

অসহায় লোকৰ মাজত মহাৰাজা অগ্ৰসেন চেৰিটেবল ট্ৰাষ্টৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : কোৰোনা ভাইৰাছে বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *