Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত মুকলি হ’ল এবছল্যুট বাৰ্বিকিউজৰ প্রথমখন “উইছ গ্ৰিল ৰেস্তোৰা

গুৱাহাটীত মুকলি হ’ল এবছল্যুট বাৰ্বিকিউজৰ প্রথমখন “উইছ গ্ৰিল ৰেস্তোৰা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১২ জুলাই।।।। আগশাৰীৰ বাৰ্বিকিউ ৰেস্তোৰা চেইন, এবছল্যুট বাৰ্বিকিউজে শুকুৰবাৰে ইয়াৰ ২৯ সংখ্যক ৰেস্তোৰা মুকলি কৰে গুৱাহাটীৰ জি এছ ৰোডস্থিত ময়ূৰ হাইটছ’ত ।’উইছ গ্ৰিল’ শীৰ্ষক ৰেস্তোৰাখন মুকলিৰে এবিছে প্ৰথমবাৰৰ বাবে উত্তৰ পূব ভাৰতত প্ৰৱেশ কৰিলে। এই সন্দৰ্ভত এবছল্যুট বাৰ্বিকিউজৰ অ’পাৰেশ্যন হেড অৰুপ চেটাৰ্জীয়ে কয়”-আমি দীৰ্ঘদিন ধৰি গুৱাহাটীত পদৰ্পণ কৰাৰ কথা ভাবি আছিলোঁ আৰু আজি গুৱাহাটীত পদৰ্পণ কৰিব পাই আনন্দিত হৈ পৰিছোঁ আৰু মই নিশ্চিত যে,আমাৰ দৃষ্টান্তমূলক খাদ্য সম্ভাৰ সেৱাৰ জৰিয়তে অতি সোনকালে মহানগৰখনৰ আটাইতকৈ জনপ্ৰিয় বাৰ্বিকিউ ৰেস্তোৰাত পৰিণত হ’ম”। বিভিন্ন ধৰণৰ আমিষ নিৰামিষ খাদ্য, লগতে সুস্বাদু মিঠা খাদ্যৰ উপৰিও এই ৰেস্তোৰা খনত গ্ৰাহকে ব্ৰাজিলিয়ান ছুৰেস্ক’ আৰু ষ্টার্টাৰৰ শেষ নোহোৱা ভিন্নতাৰে এক ক’ল্ড ষ্ট’ন ক্ৰিমাৰী উপভোগ কৰিব পাৰিব। তাৰোপৰি, এবছল্যুট বাৰ্বিকিউজত আছে,১৩০ জন অতিথি বহিব পৰা স্থান আৰু বাৰ্থডে বা পাৰ্টি আয়োজন কৰাৰ বাবে সম্পূৰ্ণ সুবিধা। উল্লেখ্য যে, এইৰেস্তোৰা খনে গ্ৰাহকক ডু-ইট- য়ুৰছেলফ অভিজ্ঞতা প্ৰদান কৰিব আৰু গ্ৰাহকে নতুন ষ্টাইলৰ বাৰ্বিকিউৰ আনন্দ উপভোগ কৰিব পাৰিব।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *