Monday , August 26 2019
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটীত মুকলি হ’ল নৰ্থ ইষ্টৰ প্ৰথম ল’উআৰ ক্লিনিক

গুৱাহাটীত মুকলি হ’ল নৰ্থ ইষ্টৰ প্ৰথম ল’উআৰ ক্লিনিক

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,৮ মাৰ্চ,,,সৌন্দৰ্যৰ প্ৰতি সচেতন পুৰুষ মহিলাৰ বাবে গুৱাহাটীত প্ৰথম বাৰৰ বাবে মুকলি কৰা হয় ল’উআৰ এথেটিটছ ক্লিনিক। ছাল, চুলি, শৰীৰ কল্যাণ আদি সম্বন্ধীয় সকলো সমস্যাৰ সমাধান উক্ত ক্লিনিক খনত পোৱা যাব। শুকুৰবাৰে এক সংবাদমেলতযুগে উক্ত ক্লিনিক খন মুকলি কৰে অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী জেৰিফা ৱাহিদে। এই প্ৰসংগত কপিল বৰাই কয়-” আজিকালি গুৱাহাটীত বহুত প্লাষ্টিক আৰু প্ৰদূষণ বৃদ্ধি পাইছে। গতিকে আমি সকলোৱে নিজৰ ছাল চুলিৰ যতন ল’ব লাগে,নিজকে ফিট কৰি ৰাখিব লাগে। গতিকে অসম উত্তৰ- পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে এনে এখন ক্লিনিকে সৌন্দৰ্য্যৰ ক্ষেত্ৰত সকলোৰে অভাৱ পূৰণ কৰিব।” আনহাতে ক্লিনিক খনৰ স্বত্বাধিকাৰি ডাঃ দেবাৰ্ষি ভট্টাচাৰ্যই ক্লিনিক খনৰ আধুনিক যন্ত্ৰৰ দ্বাৰা কেনেকৈ ছাল, চুলিৰ যতন লব পাৰি তাৰ বিষয়ে সাংবাদিক সকলক অৱগত কৰে । এই ক্লিনিক খন উত্তৰ আমেৰিকাৰ প্রথম মার্কিন এফ ডি এ অনুমোদিত যন্ত্ৰৰ লগত সজ্জিত। বেলতলাস্থিত আৰ, কমপ্লেক্সৰ দ্বিতীয় মহললাত থকা উক্ত ক্লিনিক খনক লৈ আশাবাদী ক্লিনিক খনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মকৰ্তাসকল।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত নৰ্থ ইষ্ট মেডিকেল এক্সপো আৰম্ভ

  ষ্টাফৰিপৰ্টাৰ,,২৩ আগষ্ট ।। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চিকিৎসা আৰু হাস্পতালৰ অন্যান্য …

Leave a Reply

Your email address will not be published. Required fields are marked *