Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত মুকলি হ’ল ভাৰতৰ প্ৰথমখন কম্পেক্ট ট্ৰাক টাটা ইন্ট্ৰা

গুৱাহাটীত মুকলি হ’ল ভাৰতৰ প্ৰথমখন কম্পেক্ট ট্ৰাক টাটা ইন্ট্ৰা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২১ ছেপ্টেম্বৰ।।। স্মল কমার্চিয়েল ভেহিকল তথা ক্ষুদ্ৰ বাণিজ্যিক বাহন খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী কৰি ভাৰতৰ বৃহত্তম বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰছে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰস্থিতি তাজ ভিভান্টাত মুকলি কৰে নৱ প্ৰজন্মৰ এলানি কম্পেক্ট ট্ৰাক টাটা ইন্ট্ৰা । ভি ১০ আৰু ভি ২০ এই দুটা আৰ্হিত টাটা ইন্ট্ৰা ট্ৰাক উপলব্ধ হ’ব। ৫০,৩৫,০০০ টকাৰ পৰা উপলব্ধ এই ইন্ট্ৰাই গ্ৰাহকক উচ্চ মানৰ সেৱা দিবলৈ সক্ষম হব। মুকলি অনুষ্ঠানত উপস্থিত থাকি বাণিজ্যিক বাহন ব্যৱসায় গোটৰ মুৰব্বী গিৰীশ ৱাঘে কয়”-“অসম আমাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। আমি ইয়াত আগতে বিএছআইভি ৰেঞ্জৰ বাহন মুকলি কৰিছিলো আৰু এতিয়া আমি ইন্ট্ৰা মুকলি কৰিছোঁ। কম খৰছী আৰু অধিক লাভজনক বাণিজ্যিক বাহনৰ সন্ধানত থকা গ্ৰহকসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰডাক্ট। ভৰতৰ প্ৰথমখন কম্পেক্ট ট্ৰাক ইন্ট্ৰা গুৱাহাটীত মুকলি কৰাৰ ফলত এছচিভি বজাৰৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ব”। উল্লেখযোগ্য যে, টাটা ইন্ট্ৰাত
পোৱা যাব উচ্চ মানৰ সেৱা, বৰ্দ্ধিত পে ল’ড ক্ষমতা আৰু ই দীর্ঘদিন টিকি থাকিব। তদুপৰি ইয়াত আছে বন্ধ কৰিব পৰা ফুল ফৰৱাৰ্ড শক্তিশালী বডী শ্বেল কেবিন, স্মাৰ্ট নজ আৰু ইমাৰ্জেন্সী লকীং, ৰিট্ৰেক্টৰ সম্পন্ন ছিটবেল্ট।চালকৰ বাবে আৰামদায়ক আৰু আহল-বহল কেবিন, আৰু কম এনভিএইচ, সৰু গাড়ীৰ দৰে ষ্টাইলিছ অভ্যন্তৰ, আৰাম দায়ক আসন হৈছে এই ট্ৰাক খনৰ গুৰুত্ব পূৰ্ণ বিশেষত্ব। তাৰোপৰি মবাইল দ
চাৰ্জিং পইণ্ট, ডাঙৰ হেডলেম্প, লক কৰিব পৰা গ্লভ বক্স দুৱাৰৰ কাষত বস্তু, মিউজিক চিষ্টেম আদিয়ে ইয়াৰ চালনা অধিক আৰামদায়ক কৰি তোলে।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *