Monday , August 26 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত হেমলেছৰ দ্বিতীয়খন বিপনী মুকলি

গুৱাহাটীত হেমলেছৰ দ্বিতীয়খন বিপনী মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১০ আগষ্ট।।।। লণ্ডনৰ বিখ্যাত পুতলা বিপনী হেমলেটে গুৱাহাটীৰ চিটি চেণ্টাৰত ইয়াৰ দ্বিতীয় খন বিপনী মুকলি কৰিলে। ছ’হাম এম্পৰিয়াত প্ৰথম খন বিপনী মুকলি কৰাৰ দুবছৰ পাছত এই বিপনীখন স্থাপন কৰা হৈছিল। তিনি হাজাৰৰো অধিক প্ৰডাক্ট আগবঢ়াই দিয়া এই বিপনীত আছে বিভিন্ন ধৰণৰ আকৰ্ষণীয় পুতলা, বহু সমাদৃত হোম-গ্ৰউন ব্ৰেণ্ডৰ পৰা ইন হাউছ ব্ৰেণ্ডেড পুতলালৈ যাৰ ভিতৰত আছে টেডী বিয়েৰ, টয় , ছ’লডাৰছ, কাঠৰ পুতলা বাথ টয় আৰু বহু অন্যান্য। এই নতুন বিপণিয়ে গ্ৰাহকক প্ৰতিশ্ৰুতি দিছে যে,ই আৰু অধিক উন্নত অভিজ্ঞতা প্ৰদান কৰিব,যি হৈ পৰিব পৰৱৰ্তী বিপনীসমূহৰ বাবে এক মাপকাঠী। তদুপৰি এই বিপনীত ল’ৰা আৰু ছোৱালীৰ বাবে বিস্তৃত ৰূপৰ পুতলা উপলব্ধ হ’ব। যাৰ ভিতৰত প্লাছ ৰাইড-অনছ, মিউজিকেল ইন্সট্ৰুমেণ্টছ এইমা এণ্ড শ্বুট, ড’লছ, গেমেছ, ছায়েন্স, ইনফেন্ট প্ৰীস্কুল আৰু বহুতো। উল্লেখযোগ্য যে, টম এণ্ড জেৰি, মিনি অনছ, মাই লিটিল পনী আৰু বহুতো প্ৰখ্যাত এনিমেটেড চৰিত্ৰ এই ব্ৰেণ্ডৰে অংশশ্বৰূপ ।

About Staff Reporter

চাব পাৰে

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *