Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটীলৈ অনা হ’ল বিজয় অসমক

গুৱাহাটীলৈ অনা হ’ল বিজয় অসমক

 

ষ্টাফৰিপৰ্টাৰ, ২২ মে’ ; গুৱাহাটীলৈ অনা হ’ল জু–ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক। লতাশিল থানাত ৰখা হৈছে আলফা সদস্য বিজয়ক। তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয় অসমক। আৰক্ষীৰ তদন্তত বিজয় অসম সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ২০১১ চনৰ গুৱাহাটীৰ এক হত্যাকাণ্ডৰ গোচৰতো অভিযুক্ত এইজন বিজয় অসম। ৰূপালী ৰংপি নামৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগত চি আই ডি-এ গ্ৰেপ্তাৰ কৰিছিল বিজয়ক। কাৰাগাৰৰ পৰা ওলায়েই বিজয়ে যোগ দিছিল আলফা স্বাধীনত। ইতিমধ্যে বিজয় অসমক তিনিচুকীয়াৰ ডাঙৰীত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লতাশিল থানাত উপস্থিত হয় যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়। গ্ৰেপ্তাৰৰ পূৰ্বে বহু গোচৰত অভিযুক্ত আছিল বিজয় অসম। এই কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *