Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটীৰত ২২ জুনত ভাৰতৰ জনপ্রিয় কৌতুক অভিনেতা জাকিৰ খানৰ অনুষ্ঠান

গুৱাহাটীৰত ২২ জুনত ভাৰতৰ জনপ্রিয় কৌতুক অভিনেতা জাকিৰ খানৰ অনুষ্ঠান

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৮ জুন।।।। ভাৰতৰ আটাইতকৈ জনপ্ৰিয় কৌতুক অভিনেতা ‘ছখট’ লৌণ্ডা’ খ্যাত জাকিৰ খানে গুৱাহাটীৰ আই. টি এ মাছখোৱাত সম্পূৰ্ণ নতুন ২২ জুনত বিশেষ ষ্টেণ্ড আপ অনুষ্ঠান পৰিবেশন কৰিব। কমেডীত অদ্বিতীয় জীৱনৰ সকলো কথাৰ হাস্যৰূপ দিয়া এই কৌতুক অভিনেতা জনে এই সন্দৰ্ভত কয়” মই পূৰ্বে চাৰিবাৰ গুৱাহাটীলৈ আহিছোঁ। এইবাৰ মই পঞ্চম বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠান কৰিব আহিম”। আনহাতে, আয়োজক প্ৰতিষ্ঠান অ’এম এল এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আৰু কমেডী চার্কিটে উক্ত তাৰিখে আই.টি.এ মাছখোৱাৰ পেক্ষগৃহ ভৰি পৰিব আৰু তেওঁৰ অনুষ্ঠান গুৱাহাটীৰ ৰাইজে উপভোগ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, বিগত বৰ্ষসমুহত অনুষ্ঠান পৰিবেশন কৰাৰ সময়ত কৌতু অভিনেতা জনে এক নতুন ষ্টাইল সৃষ্টি কৰি লৈছে, যি সাধাৰণ জনতাৰ মাজত অতি জনপ্ৰিয়।’হক ছে ছিংগল’ৰ দৰে ভিডিঅ’ৰ বাবে তেওঁ ইতিমধ্যে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

প্ৰেছ ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা শিবিৰ সম্পন্ন

          ষ্টাফৰিপৰ্টাৰ, ২৯ জুন,  বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *