Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীৰ চিটি চেণ্টাৰত মুকলি হ’ল এড হাৰ্ডি, ফ্লায়িং মেচিন আৰু ইউ এছ প’ল’ৰ নতুন বিপনী

গুৱাহাটীৰ চিটি চেণ্টাৰত মুকলি হ’ল এড হাৰ্ডি, ফ্লায়িং মেচিন আৰু ইউ এছ প’ল’ৰ নতুন বিপনী

 

ষ্টাফৰিপৰ্টাৰ,১৪ জুন, ভাৰতত খুচুৰা আৰু ফেশ্বন উদ্যোগটোক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা তথা লাইফষ্টাইল ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠান অৰবিন্দ ফেশ্বনছ লিমিটেডে আজি চিটি চেণ্টাৰ গুৱাহাটীত ইয়াৰ চাৰিখনকৈ নতুন বিপনী মুকলি কৰে।গুৱাহাটীবাসীয়ে আজিৰে পৰা লাভ কৰিব অৰবিন্দ ফেশ্বনছ লিমিটেডৰ জনপ্ৰিয় তিনিটা ব্ৰেণ্ড ক্ৰমে এড হাৰ্ডি, ফ্লায়িং মেচিন আৰু ইউ এছ প’ল’ এছেইনৰ পোছাক পৰিধান। নিশ্চিতভাৱে এই তিনিওটা মনোৰম আৰু জনপ্ৰিয় ব্ৰেণ্ডে অঞ্চলটোৰ ফ্লেশ্বন সম্বন্ধীয় আকাঙ্খাবোৰ পৰিপূৰ্ণ কৰি তুলিবলৈ সক্ষম হ’ব।
উল্লেখ্য অতি আকৰ্ষণীয় পৰিচ্ছদেৰে এড হাৰ্ডিৰ শেহতীয়া পোছাক সংগ্ৰহে প্ৰদান কৰে এক সপ্ৰতিভ দৃশ্যায়নক উপস্থাপন কৰে শক্তিশালী ৰূপত। আৰু ইয়েই গ্ৰাহক উপভোক্তাৰ মনোভাৱ সলনি কৰি ৰোমাঞ্চকৰ অনুভৱো প্ৰদান কৰে একেসময়তেই। তিনিটা মুখ্য কাহিনী বা বিষয়েৰে এড হাৰ্ডি আগবাঢ়িব এই গ্ৰীষ্মৰ বতৰত, সেয়া হৈছে এড লেইজাৰ, কেলিফ’ৰ্ণিয়ান ছাৰ্ফ ষ্ট’ৰী আৰু ডেনিম।
ফ্লায়িং মেচিনৰ এক অনবদ্য আবেদন সদায়েই আছে, সেই অনুসৰিয়েই এইবাৰৰ গ্ৰীষ্ম ঋতুত ফ্লায়িং মেচিনে আগবঢ়াইছে ইয়াৰ শেহতীয়া কেম্পেইন ‘ইয়’ৰ কুল হাফ’। এবাৰ চালে অপলক নেত্ৰে চাবলগীয়া প্ৰতিটো পোচাকেই পূৰণ কৰিব ফেশ্বনৰ সকলো চাহিদা। বলীউদৰ নৱতম চাঞ্চল্য আলিয়া ফাৰ্ণিচাৰৱালাৰসৈতে কৰা এই কেম্পেইনেৰে সম্পূৰ্ণ ছিজনটোকেই সামৰি ৰাখিছে ফ্লায়িং মেচিনে। ইউ এছ প’ল’ এছেইন শীৰ্ষক ব্ৰেণ্ডটোৱে সদায়েই ক্লাচিক আমেৰিকান ষ্টাইলক অনুসৰণ কৰি আহিছে, যিয়ে ক্ৰীড়াসুলভ দিশবোৰকো সমানই সামৰি ৰাখিছে গুৰুত্বসহকাৰে। পুৰুষ, মহিলা কিম্বা শিশুৰ বাবেও গ্ৰীষ্মকালত পিন্ধিব পৰাকৈ বিভিন্ন পোচাক পৰিধান উপলব্ধ কৰাব এই ব্ৰেণ্ডটোৰ অধীনত। সতেজ, সপ্ৰতিভ ধাৰাৰ মিশ্ৰণেৰে এই ব্ৰেণ্ডৰ সংগ্ৰহত আছে কঁপাহী, লীনেন আৰু পাতল ওজনৰ ফেব্ৰিকেৰে প্ৰস্তুত কৰা পোছাক, যিবোৰ গৰম দিনবোৰত পিন্ধিবৰ বাবে উপযোগী হয়। এড হাৰ্ডি হৈছে এক বৈকল্পিক লাইফষ্টাইল ব্ৰেণ্ড যিটোৱে ক্লাছিক আমেৰিকান টাটুক এক অনবদ্য ৰূপত উপস্থাপন কৰে, আৰু আনফালে ফ্লায়িং মেচিন হৈছে ভাৰতৰ প্ৰথমটো ঘৰুৱা ডেনিম ব্ৰেণ্ড আৰু যুৱপ্ৰজন্মৰ অতিকৈ পচন্দৰ ব্ৰেণ্ড। ইফালে ইউ এছ প’ল’ এছেইন সমগ্ৰ দেশৰ ভিতৰতেই অন্যতম সফল ব্ৰেণ্ড হিচাপে বিবেচিত হৈ আহিছে, বিশেষকৈ ইয়াৰ সামগ্ৰীৰাজিৰ অনবদ্য আকৰ্ষণীয়তা আৰু ভিন্নতাৰে ই সদায়েই উপভোক্তাক আকৰ্ষিত কৰি আহিছে।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *