Thursday , September 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ তত্বাৱধানত সম্পন্ন হ’ল অভিনয় কৰ্মশালা*

গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ তত্বাৱধানত সম্পন্ন হ’ল অভিনয় কৰ্মশালা*

*ষ্টাফৰিপৰ্টাৰ, ১৫ জুন’ ২০১৯ – টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী (টিএছএ)য়ে উত্তৰ-পূৱৰ পৰিৱেশ্য কলাৰ শিক্ষাৰ্থীসকললৈ ভালেমান অভূতপূৰ্ব সুযোগ কঢ়িয়াই আনিছে। শেহতীয়াকৈ ভালেমান শিল্পীৰ দ্বাৰা একাধিক কৰ্মশালা তথা অ’ৰিয়েণ্টেশ্যন অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছত আজি একাডেমীখনৰ প্ৰথমটো অভিনয় পাঠ্যক্ৰমৰ পাঠদান তথা সূচনা পৰ্ব অনুষ্ঠিত হৈ যায়। আজিৰ এই সূচনা পৰ্বত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেতা ক্ৰমে ৰাজপাল যাদৱ, গোবিন্দ নামদেৱ আৰু অভিজিৎ লাহিড়ী। তিনিওগৰাকী অভিনেতাই নিজ নিজ জীৱনৰ অভিনয় অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি অভিনয়ৰ ক্ষেত্ৰখনত কৰিবলগীয়া কৃচ্ছসাধনা, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ লগতে ধাৰাবাহিক অনুশীলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে আৰু এই আটাইবোৰ দিশেই অভিনয়ৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত প্ৰতিফলিত হয় বুলিও কয়। প্ৰতিটো পৰিৱেশনৰ সময়তে প্ৰয়োজন হোৱা কঠোৰ সাধনা, পৰিশ্ৰম, আত্মনিয়োগ আৰু শব্দোচ্ছাৰণৰ সুব্যৱহাৰৰ বিষয়ে পাঠদান কৰে শিল্পীকেইগৰাকীয়ে। সংলাপ প্ৰক্ষেপন, চকু সঞ্চালন আদিৰ বিষয়েও সূক্ষ্ণ সূক্ষ্ম বিচাৰেৰে পাঠদান কৰে অভিনেতাসকলে।
উল্লেখ্য ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা কৃতী ছাত্ৰ তিনিওগৰাকীয়ে স্ব্কীয় শৈলীৰে আজিৰ প্ৰথমটো শ্ৰেণী জীপাল কৰি তোলে। উল্লেখ্য ব্যংগ অভিনয়েৰে সমগ্ৰ দেশতে ৰাজপাল যাদৱে সুনাম অৰ্জন কৰাৰ বিপৰীতে গোবিন্দ নামদেৱে অধিকাংশ ছবিতেই খলনায়কৰ ভুমিকাত অভিনয় কৰি আহিছে, ইফালে বিশিষ্ট চৰিত্ৰাভিনেতা হিচাপে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে লাহিড়ীয়ে।
আজিৰ এই অ’ৰিয়েণ্টেশ্যন অনুষ্ঠান সন্দৰ্ভত ড্ৰীম হাউচ প্ৰডাকশ্যনৰ সঞ্চালিকা নীতা শৰ্মাই কয়, “এই অনুষ্ঠান আয়োজনৰ একমাত্ৰ উদ্দেশ্যটোৱেই আছিল অভিনয়ৰ প্ৰতি ৰাপ থকা শিকাৰুসকলক অনুপ্ৰাণিত কৰা, উদ্বুদ্ধ কৰা আৰু তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰা।”তেওঁ লগতে কয়, “উত্তৰ-পূৱত যথেষ্ট সংখ্যক প্ৰতিভা লুকাই আছে আৰু সংগীতেই হওঁক, অভিনয়েই হওঁক, মডেলিঙেই হওঁক। আজি এই প্ৰতিভাসকলক ৰাজপাল যাদৱ, গোবিন্দ, লাহিড়ীৰ দৰে শিল্পীৰ সান্নিধ্যই নিসন্দেহে উৎসাহিত তথা অনুপ্ৰাণিত কৰিব। উত্তৰ পূৱৰ এই প্ৰতিভাসমূহক এক উচিত মঞ্চ প্ৰদান কৰাৰ বাবে টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীয়ে সদায়েই সহায় কৰি যাব।”
আজি এই অনুষ্ঠানত উপস্থিত থাকি ৰাজপাল যাদৱে কয় যে তেওঁ জীৱনত শুনা ভাষাবোৰৰ ভিতৰত আটাইতকৈ মিঠা ভাষাবোৰৰ ভিতৰত অন্যত ভাষা অসমীয়া। আজি এই অৰিয়েণ্টেশ্যন প্ৰ’গ্ৰাম তথা অভিনয় শ্ৰেণী মুকলি অনুষ্ঠানত সত্যম গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক ক্ৰমে ৰতন কুমাৰ শৰ্মা, কমল কুমাৰ শৰ্মা আৰু হৰ্ষ শৰ্মাও উপস্থিত থাকে। গুৱাহাটীৰ জু-ৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ ৪ৰ্থ মহলাত ১৫০০০ বৰ্গফুট এলেকাত আছে এই টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰটো। কৰ্মশালাৰ সমাপ্তিত অংশগ্ৰহণকাৰীসকলক টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়। ভাৰতৰ শীৰ্ষস্থানীয় মিউজিক লেবেল আৰু প্ৰডাকশ্যন হাউছ টি-ছিৰিজে ইতিমধ্যেই ইয়াৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ মাধ্যমেৰে শৈক্ষিক ক্ষেত্ৰতো সবল খোজ পেলাইছে। টি-ছিৰিজৰ সঞ্চালিকা সুদে দুৱা, জনপ্ৰিয় সংগীত শিল্পী তথাসঞ্চালিকা তুলসী কুামাৰ আৰু টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ সঞ্চালক হিতেশ ৰালহানৰ সুনেতৃত্বত এই শিক্ষা প্ৰতিষ্ঠানে সমগ্ৰ দেশজুৰি ইতিমধ্যেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিভিন্ন পৰিৱেশ্য কলাৰ লগতে কাৰিকৰী শিক্ষা যেনে ফিল্ম এণ্ড টেলিভিছন প্ৰডাকশ্যন, সাংবাদিকতা আৰু গণসংযোগ, ফেশ্বন আৰু টেক্সটাইলছ ডিজাইন আদিৰো শিক্ষা প্ৰদান কৰা হ’ব এই শিক্ষানুষ্ঠানখনত। উল্লেখ্য যে প্ৰতিষ্ঠানখনৰ মুখ্য কাৰ্যালয় আছে নয়দাত।
শিল্পীগৰাকীয়ে এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অত্যন্ত সুন্দৰ আপ্যায়ন তথা স্বাগতম জনোৱাৰ বাবে টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী গুৱাহাটীলৈ লৈ অহাৰ মুখ্য কাণ্ডাৰী তথা ড্ৰীম হাউছ প্ৰডাকশ্যনছৰ সঞ্চালিক নীতা শৰ্মাক প্ৰসংশা কৰে, শিল্পীগৰাকীয়ে লগতে এই কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

About Staff Reporter

চাব পাৰে

নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ আগষ্ট।।। নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট(এন ই এফ আই) প্ৰতিষ্ঠানটো সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *